Song: Andhar Nohole (আন্ধাৰ নহলে)
Singer: Jyoti Prasad Agarwala
![]() |
| Andhar Nohole Lyrics |
Andhar Nohole Lyrics:—
আন্ধাৰ নহলে
ৰাতিৰ সপোন
জানো দেখিবি?
ক’লাশিখা জ্বলাই নিশা
নাহে যদি আকাশলৈ,
জিকমিকিয়া জোন তৰা
কেনেকে’ লেখিবি?
আন্ধাৰে যদি
চুমা নাখায়
শেৱালি নুফুলে
পুৱা বেলিৰ
প্ৰথম চুমাত
দুবৰি কোলাত
নিয়ৰ নজ্বলে ৷
আন্ধাৰ আহি
বেজাৰ কৰি
মোৰ কবিতাক কয়
পোহৰ বুলি তই বলিয়া ….
পোহৰক যদি গোপনে সোধ
পাবি
মই আন্ধাৰৰ আচল পৰিচয় ৷
কবিতা মোৰ, ভাবি থাকিলে… হয়… নে … নহয় ৷৷
Download Link: Andhar Nohole Lyrics By Jyoti Prasad Agarwala
