Dhuniya Loratu Lyrics

Dhuniya Loratu Lyrics




Song: Dhuniya Loratu

Singer: Gitanjali Das

Lyrics: Sunit Gogoi

Dhuniya Loratu Lyrics

ধুনীয়া ল’ৰাটোৰ কিনো হ’ল

ধুনীয়া হাঁহিটো কেনি গ’ল

পঢ়াত ভাল ল’ৰাটোৰ কিনো হ’ল….

শুনিছো পঢ়াবোৰ এনেই গ’ল

ধুনীয়া ল’ৰাটোৰ কিনো হ’ল

ধুনীয়া হাঁহিটো কেনি গ’ল

গধূলি গধূলি গিলাচত এটুপি

শুনিছো সি ও ইন্দ্ৰ হ’ল..

পঢ়াত ভাল ল’ৰাটোৰ কিনো হ’ল

শুনিছো পঢ়াবোৰ এনেই গ’ল

চিন্তা কৰি চিন্তা কৰি 

জটা ধাৰী শিৱ হ’ল

ঐ ওলট পালট গোটেই দেখোন

কিহেনো পালে

গৰম গৰম কথাৰ বতাহ

ঘনাই বলিলে..

আমাৰ গাওঁৰ মামনৰ গাত

কৃষ্ণ হেনো লম্ভিলে

ঐ আমাৰ গাওঁৰ মামনৰ গাত

কৃষ্ণ হেনো লম্ভিলে

AssameseLyrical.com

আমাৰ মামনৰো মনত নাই

কিমান আহিল গ’ল….

দ্ৰৌপদীও কেতিয়াবাই পাছে পৰি ৰ’ল…

আমাৰ মামনৰো মনত নাই

কিমান আহিল গ’ল….

দ্ৰৌপদীও কেতিয়াবাই পাছে পৰি ৰ’ল…

ঐ ওলট পালট মহাভাৰত

কিহেনো পালে….

গৰম গৰম কথাৰ বতাহ

ঘনাই বলিলে..

আমাৰ গাওঁৰ মামনৰ গাত

কৃষ্ণ হেনো লম্ভিলে

আমাৰ গাওঁৰ মামনৰ গাত

কৃষ্ণ হেনো লম্ভিলে

ধুনীয়া ল’ৰাটোৰ কিনো হ’ল

ধুনীয়া হাঁহিটো কেনি গ’ল

পঢ়াত ভাল ল’ৰাটোৰ কিনো হ’ল….

শুনিছো পঢ়াবোৰ এনেই গ’ল

বোলে এশ গৰু খালে হেনো

বাঘৰো মৰন…

মামন পিছে একে আছে

জ্বলাই হাজাৰ জন….

বোলে এশ গৰু খালে হেনো

বাঘৰো মৰন…

আমাৰ মামন পিছে একে আছে

জ্বলাই হাজাৰ জন…..

ডাকৰ বচন পলাই পত্ৰং

কিহেনো পালে

গৰম গৰম কথাৰ বতাহ

ঘনাই বলিলে..

আমাৰ গাওঁৰ মামনৰ গাত

কৃষ্ণ হেনো লম্ভিলে

আমাৰ গাওঁৰ মামনৰ গাত

কৃষ্ণ হেনো লম্ভিলে

Download Link: Dhuniya Loratu Lyrics

Lachit

I am a Software Developer & Digital Marketer since 2006. I build shopping and blogging websites, and also provide digital marketing services for YouTubers, Facebook creators, and online brands.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form