Dhuniya Loratur Kinu Hol Lyrics By Gitanjali Das

Song: Dhuniya Loratur Kinu Hol (ধুনীয়া লৰাটোৰ কিনো হ’ল)

Singer: Gitanjali Das

Lyrics: Sunit Gogoi

Music: Bijoy Sankar

Dhuniya Loratur Kinu Hol Lyrics
Dhuniya Loratur Kinu Hol Lyrics

Dhuniya Loratur Kinu Hol Lyrics:—

ধুনীয়া লৰাটোৰ কিনো হ’ল
ধুনীয়া হাঁহিটো কেনি গ’ল
পঢ়াঁত ভাল লৰাটোৰ কিনো হ’ল
শুনিছোঁ পঢ়াবোৰ এনেই গ’ল

ধুনীয়া লৰাটোৰ কিনো হ’ল
ধুনীয়া হাঁহিটো কেনি গ’ল
গধূলি গধূলি গিলাছত বহি
শুনিচু সিওঁ ইন্দ্ৰ হ’ল

ঐ পঢ়াঁত ভাল লৰাটোৰ কিনো হ’ল
শুনিছোঁ পঢ়াবোৰ এনেই গ’ল
চিন্তা কৰি চিন্তা কৰি
জঁটা ধাৰী শিৱ হ’ল

ঐ উলত পালত গোটেই দেখোন
কিহে নো পালে
গৰম গৰম কথাৰ বতাহ
ঘনাই বলিলে
(আমাৰ গাওঁৰ মামনৰ গাত
কৃষ্ণ হেনো লম্ভিলে) *2

(আমাৰ মামনৰো মনতে নাই
কিমান আহিল গ’ল
দ্ৰৌপদীও কেতিয়াবাই পাছে পৰি ৰ’ল) *2
ঐ ওলোটা পালত মহাভাৰত
কিহে নো পালে
গৰম গৰম কথাৰ বতাহ
ঘনাই বলিলে

(আমাৰ গাওঁৰ মামনৰ গাত
কৃষ্ণ হেনো লম্ভিলে) *2

ধুনীয়া লৰাটোৰ কিনো হ’ল
ধুনীয়া হাঁহিটো কেনি গ’ল
পঢ়াঁত ভাল লৰাটোৰ কিনো হ’ল
শুনিছোঁ পঢ়াবোৰ এনেই গ’ল

বোলে এশ গৰু খালে হেনো
বাঘৰো মৰণ
মামন পিছে একে আছে
জ্বলাই হাজাৰ জন

অ বোলে এশ গৰু খালে হেনো
বাঘৰো মৰণ
আমাৰ মামন পিছে একে আছে
জ্বলাই হাজাৰ জন

ডাক বচন পলাই পতৰং
কিহে নো পালে
গৰম গৰম কথাৰ বতাহ
ঘনাই বলিলে

(আমাৰ গাওঁৰ মামনৰ গাত
কৃষ্ণ হেনো লম্ভিলে) *4

Download Link: Dhuniya Loratur Kinu Hol Lyrics By Gitanjali Das

Lachit

I am a Software Developer & Digital Marketer since 2006. I build shopping and blogging websites, and also provide digital marketing services for YouTubers, Facebook creators, and online brands.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form