Aaji Naba Xur Lyrics By Jyoti Prasad Agarwala

Song: Aaji Naba Xur (আজি নৱ সুৰ)

Singer: Jyoti Prasad Agarwala

Aaji Naba Xur Lyrics
Aaji Naba Xur Lyrics

Aaji Naba Xur Lyrics:—

আজি নৱ সুৰ লয় মান মাত্ৰা
জাগ্ৰত জনতাৰ আলোক যাত্ৰা ৷
জনতাৰ ভোক জাগে
জনতাৰ শোক জাগে
বাসনা কামনা যত জাগে…
জাগে……. জাগে
বেলিৰ উদয় কোনে
ৰুধিব পাৰে
মানুহৰ প্ৰতাৰণাৰে ???

আশা জাগে
ভাষা জাগে
গান জাগে
সুৰ জাগে
দুৰ্নিবাৰ জাগে ছন্দ
জাগে মহামহত্বৰ প্ৰমুক্ত গন্ধ
জাগে জনজীৱনৰ
জন মহাপ্ৰকাশৰ
মহা হাঁহাকাৰ

জনকম্প জাগে
ভূমিকম্প জাগে
আলোককম্প জাগে
পুৰণিক ভাঙি চিঙি
কৰি ছাৰখাৰ

নবোন্মেষৰে জাগে
মনীষা প্ৰতিভা মেধা
বিপ্লৱ লেখনী লৈ
জুই চিয়াঁহীৰে লিখে কবিতাৰ হাৰ
নতুন তন্ত্ৰ ৰচে
গঢ়িবলে’ জন চৰকাৰ ৷৷

Download Link: Aaji Naba Xur Lyrics By Jyoti Prasad Agarwala

Lachit

I am a Software Developer & Digital Marketer since 2006. I build shopping and blogging websites, and also provide digital marketing services for YouTubers, Facebook creators, and online brands.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form