Song: Aji Bondo Ki Sondere (আজি বন্দো কি ছন্দেৰে)
Singer: Ambikagiri Rai Choudhury
![]() |
| Aji Bondo Ki Sondere Lyrics |
Aji Bondo Ki Sondere Lyrics:—
আজি বন্দো কি ছন্দেৰে
সমাগত বিৰাট নৰনাৰায়ণ ৰূপ
পঙ্কিল পৰাধীন কুঞ্চিত চিত মন
নাই ফুল চন্দন ধূপ ..←২
আজি বন্দো কি ছন্দেৰে
সমাগত বিৰাট নৰনাৰায়ণ ৰূপ
নৰনাৰায়ণ ৰূপ
দূৰ দাপৰত শুনিছোঁ পাণ্ডৱে জয় কৰি সপ্ত ধৰিত্ৰী ←২
যজ্ঞ ৰাজসূয় কৰিলে সমাপন সম্ৰাট হৈ একছত্ৰী
দেশ দেশ জুৰি লাখ লাখ ভূপতি
গালে আহি মূৰ্ত গায়ত্ৰী
আজি দাসত্ব বন্ধন ৰোধিত কন্ঠত
নুফূটে ৰাগিনী অনুৰূপ ←২
আজি বন্দো কি ছন্দেৰে
সমাগত বিৰাট নৰনাৰায়ণ ৰূপ
নৰনাৰায়ণ ৰূপ
কুৰি শতিকাত নাই যজ্ঞ ৰাজসূয়
নাই ৰজা নৰপতি বৰ্গ
কলুষিত কলি বুলি
পাঞ্চজন্যধাৰী
নাহে লব ভকতিৰ অৰ্ঘ
সেই নাৰায়ন আজি জাগে নৰৰূপে
মোহাৰি বাধা উপসৰ্গ
আজি প্ৰজাসূয়েৰে হ’ব যজ্ঞ উদযাপন
আলোডি, নিখিল ভূৱ
আজি বন্দো কি ছন্দেৰে
সমাগত বিৰাট নৰনাৰায়ণ ৰূপ
নৰনাৰায়ণ ৰূপ ||
Download Link: Aji Bondo Ki Sondere Lyrics By Ambikagiri Rai Choudhury


