Moi Misiki Hahire Lyrics By Anima Choudhury

Song: Moi Misiki Hahire (মই মিচিকি হাঁহিৰে)

Singer: Anima Choudhury

Lyrics: Dr. Amar Jyoti Choudhury

Music: Dr. Anjan Jyoti Choudhury

Moi Misiki Hahire Lyrics
Moi Misiki Hahire Lyrics

Moi Misiki Hahire Lyrics:—

(মই মিচিকি হাঁহিৰে বেদনা গচকি
হাঁহিৰ মুকুতা যাচোঁ) ২
আৰু আৱেগ নামৰ নেদেখা সূতাৰে
মৰম গামোচা ব’লোঁ
মই মিচিকি হাঁহিৰে বেদনা গচকি
হাঁহিৰ মুকুতা যাচোঁ

আকাশৰ নীলাতে মই বিশালতা পালোঁ
সাগৰৰ বুকুতে মই গভীৰতা পালোঁ
পাহাৰী নিজৰাতে যৌৱন পালোঁ ২
ভৈয়ামৰে জুৰি হৈ মৰম বিলাই গ’লোঁ
মই মিচিকি হাঁহিৰে বেদনা গচকি
হাঁহিৰ মুকুতা যাচোঁ

(বহাগী দিনৰ গাজনিতে মই
বিপ্লৱ শিঙা বালোঁ
আৰু মেঘৰ মাজৰ বিজুলীটি হৈ
সমুখৰ বাট দেখুৱালোঁ) ২
মই মিচিকি হাঁহিৰে বেদনা গচকি
হাঁহিৰ মুকুতা যাচোঁ
আৰু আৱেগ নামৰ নেদেখা সূতাৰে
মৰম গামোচা ব’লোঁ
মই মিচিকি হাঁহিৰে বেদনা গচকি
হাঁহিৰ মুকুতা যাচোঁ…..।।

Download Link: Moi Misiki Hahire Lyrics By Anima Choudhury

Lachit

I am a Software Developer & Digital Marketer since 2006. I build shopping and blogging websites, and also provide digital marketing services for YouTubers, Facebook creators, and online brands.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form