Sip Sip Borokhunot Lyrics By Zubeen Garg

Song: Sip Sip Borokhunot (চিপ্ চিপ্ বৰষুণত)

Singer: Zubeen Garg

Sip Sip Borokhunot Lyrics
Sip Sip Borokhunot Lyrics

Sip Sip Borokhunot Lyrics:—

চিপ্ চিপ্ বৰষুণত তিতাৰে পৰা
ঢিপ্ ঢিপ্ বুকুখনি কঁপিছে জানা
কিনো আবেগতে মিঠা সুবাসতে
মন আজি উতলা ব’হাগৰে বতৰা

ক’তে মৰো মৰো ক’তে নো গৈয়ে মৰো
বুকুখন কঁপিছে মিঠা আবেগতে
দীঘলতি মাখিয়তী জেতুলি পকা
তুমি বাৰু বুজিছানে মনৰে কথা
খিটিক খিটিক কৈ তাঁতৰে শাল পকোৱা সূতা
লগাইছা নে বুকুৰে উমেৰে গামোচা
মই অধীৰ আজি
তোমাকে বিচাৰি

বুকুৰে আমঠু তুমি জানি ল’বা
দুয়োখনি হাতত জেতুকা পাতৰে
ৰঙা ৰঙা মৰম কেতিয়া সানিবা
মন পিছলি দেহা পিছলি পৰিব দিয়া
বান্ধিলে নো কি পাবা মৰমী
জীৱন দুদিনীয়া
চাৰি চকুৰে মিলন আমাৰে
দেহা কঁপি যোৱা

মনত পৰিলেই দুগালতে ঘাম বিৰিঙি উঠা
বৰষুণৰ নিশা দদাই খুড়ী বুলি
তোমালোকৰ চোতালত হুঁচৰি জুৰা
পিৰালিতে বহি থকা তুমি আহি
বৰষুণত তিতি তিতি বিহু নচা
চিপ চিপ বৰষুণে পেলালে মনত
মুখখনি তোমাৰে মুখখনি তোমাৰে

Download Link: Sip Sip Borokhunot Lyrics By Zubeen Garg

Lachit

I am a Software Developer & Digital Marketer since 2006. I build shopping and blogging websites, and also provide digital marketing services for YouTubers, Facebook creators, and online brands.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form