Xaliki O Lyrics By Archana Mahanta

Song: Xaliki O (শালিকী অ’)

Singer: Archana Mahanta  

Xaliki O Lyrics

Xaliki O Lyrics:—

শালিকী অ’..
অবুজন চৰাইজনী
তৰা তাতত পৰি
কেলেই চিঙিলিহি সূতা!!

অ’ শালিকীজনী..
চোতালত চাইছ’ কি?
পুৱতি নিশাতে উঠি
সাৰি থৈছো
ৰাতিটো টোপনি খতি!
আজি যে আহিব
অ’ শালিকীজনী
আজিয়েই অহাৰ কথা
কেলেই চিঙিলিহি সূতা!
শালিকী অ’..
অবুজন চৰাইজনী
তৰা তাতত পৰি
কেলেই চিঙিলিহি সূতা!!

ডালৰ চৰাইজনী ডালত
নপৰগে কেলেই
আমনি নকৰ মোক
ম‍ই থাকো অকলে!!
দিখৌ নৈৰ পাৰৰে
দেও লগা শিমলু
ৰিঙা ৰিঙা ৰাঙলী ফুল
তাৰেই কোমল কুঁহি
কেলেই মন মোহে
তাৰ জানো পাৱ মোল?
যাচোন তালৈকে
পাখি লগা চৰাইটো
বুজি আহ মানুহৰ বেথা!
কেলেই চিঙিলিহি সূতা!
শালিকী অ’..

অবুজন চৰাইজনী
তৰা তাতত পৰি
কেলেই চিঙিলিহি সূতা!
মোৰ বুকুৰ হেপাহখিনি
ত‍ই আউল লগাই গ’লি
অ’ শালিকীজনী..
নিজৰ বাহলৈ কঢ়িয়ালি সূতা!!
শালিকী অ’..
অবুজন চৰাইজনী
তৰা তাতত পৰি
কেলেই চিঙিলিহি সূতা !!

Download Link: Xaliki O Lyrics By Archana Mahanta

Lachit

I am Software Developer & Digital Marketer science 2006, I do shopping and blogging websites, and also do digital marketing for YouTubers and facebookers.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form