A Bijuli Nase Lyrics | Bhupen Hazarika

Song: A Bijuli Nase (এʼ বিজুলি নাচে)

Singer: Bhupen Hazarika

A Bijuli Nase Lyrics
A Bijuli Nase Lyrics

A Bijuli Nase Lyrics:–

কথা : এʼ বিজুলি নাচে, চিক্‌মিক্‌ চিক্‌মিক্‌
অʼ ডম্বৰু বাজিলে, ডুগ্, ডুগ্, ডুগ্, ডুগ্।

গীত : ডুগ্ ডুগ্ ডুগ্ ডুগ্ ডম্বৰু
মেঘে বজায় ডম্বৰু
চিক্‌মিক্‌ বিজুলী নাচে
হেʼ চিক্‌মিক্‌ বিজুলী

এ’ চিক্‌মিক্ বিজুলী।


সৰু সৰু গাঁৱৰে সৰুকণহঁতৰে
সৰু সৰু ঘৰবোৰ কঁপে,
হেʼ চিক্‌মিক্‌ বিজুলী
হেʼ চিক্‌মিক্‌ বিজুলী।

সৰু সৰু পুখুৰীত, সৰু পুঠি মাছবোৰে
বিজুলীক গিলিবহে খোজে
হে’ চিক্‌মিক্‌ বিজুলী
এʼ চিক্‌মিক্‌ বিজুলী।

সৰুদৈ আইদেইৰ কি হʼল?
কি হʼল?
সৰুকণত বহিবৰ মন গʼল
লেঠা হʼল
সমাজেও অনুমতি নিদিলে
দুয়োৰে জাত-পাত নিমিলে,
সেয়ে সৰুদৈ সৰুকণে বিজুলীৰ পোহৰত
সৰু সৰু সমাজক এৰে।
হে’ চিক্‌মিক্‌ বিজুলী

এ’ চিক্‌মিক্ বিজুলী।

বনজুৱে হোম দিলে
বিজুলীয়ে ৰভা দিলে
জিলীয়ে বিয়ানাম গায়

ধুমুহাই গগনা বায়
সাহসৰে বাতৰি বিলায়।


সৰু সৰু সমাজৰে
সৰু সৰু বিচাৰতে,
ভেকুলীয়ে বৰ লাজ পায়
হেʼ চিক্‌মিক্‌ বিজুলী
হেʼ চিক্‌মিক্‌ বিজুলী।

Download Link: A Bijuli Nase Lyrics | Bhupen Hazarika

Lachit

I am a Software Developer & Digital Marketer since 2006. I build shopping and blogging websites, and also provide digital marketing services for YouTubers, Facebook creators, and online brands.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form