Jik Mik Dewalir Banti Lyrics | Bhupen Hazarika

Song: Jik Mik Dewalir Banti (জিক্ মিক্ দেৱালীৰ বন্তি)

Singer: Bhupen Hazarika

Jik Mik Dewalir Banti Lyrics
Jik Mik Dewalir Banti Lyrics

Jik Mik Dewalir Banti Lyrics:—

জিক্ মিক্ দেৱালীৰ বন্তি জ্বলে
এন্ধাৰত কান্দে কোনে অকলে অকলে,
জিক্ মিক্ দেৱালীৰ বন্তি জ্বলে
এন্ধাৰত কান্দে কোনে অকলে অকলে,
ওচৰা-ওচৰি দুটি ঘৰ
এটি পঁজা আনটো ৰজা ঘৰ,
ৰজাঘৰে হাঁহে মাথো
পঁজাটিত বন্তি নজ্বলে,
জিক্ মিক্ দেৱালীৰ বন্তি জ্বলে
এন্ধাৰত কান্দে কোনে অকলে অকলে….
পঁজাটিত এটি আছে মাটিৰে চাকি
পঁজাটিত এটি আছে মাটিৰে চাকি,
শলিতাও জ্বলি গ’ল নাই আৰু বাকী,
বৰঘৰ আলাসৰ লাড়ুএ হাঁহে
পঁজাটিত পোনাটিৰ টোপনি নাহে,
দুখুনীয়ে নিচুকনি গাই লাহে লাহে
দুখুনীয়ে নিচুকনি গাই লাহে লাহে,
বন্তি আজিও নজ্বলে,
জিক্ মিক্ দেৱালীৰ বন্তি জ্বলে
এন্ধাৰত কান্দে কোনে অকলে অকলে….


বৰঘৰ চোতালত শিলৈ ফুটে

ধুম-ধাম শব্দৰ জাউৰী উঠে,
দেখি তাকে পঁজাটিয়ে চকুলো টোকে
দেখি তাকে পঁজাটিয়ে চকুলো টোকে,
এন্ধাৰত অকলে অকলে,
জিক্ মিক্ দেৱালীৰ বন্তি জ্বলে
এন্ধাৰত কান্দে কোনে অকলে অকলে….


কাইলৈ আহিব দোকমোকালি

আনি দিব পঁজাটিত ৰং-ৰাঙলী,
আনি দিব হেৰুৱা দিনৰ ধেমালি
পঁজাটিয়ে নেকান্দে অকলে,
দেখিবা তাতে যে বন্তি জ্বলে
এন্ধাৰত কান্দে কোনে অকলে অকলে,
জিক্ মিক্ দেৱালীৰ বন্তি জ্বলে
এন্ধাৰত কান্দে কোনে অকলে অকলে,
জিক্ মিক্ দেৱালীৰ বন্তি জ্বলে
এন্ধাৰত কান্দে কোনে অকলে অকলে,
জিক্ মিক্ দেৱালীৰ বন্তি জ্বলে
এন্ধাৰত কান্দে কোনে অকলে অকলে….

Download Link: Jik Mik Dewalir Banti Lyrics | Bhupen Hazarika

Lachit

I am a Software Developer & Digital Marketer since 2006. I build shopping and blogging websites, and also provide digital marketing services for YouTubers, Facebook creators, and online brands.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form