KajiRonga Bor Dhuniya Lyrics | Anupam Saikia | Bornali Kalita

Song: Kajironga Bor Dhuniya (কাজিৰঙা বৰ ধুনীয়া)

Album: Moromjaan

Singer: Anupam Saikia & Bornali Kalita

KajiRonga Bor Dhuniya Lyrics
KajiRonga Bor Dhuniya Lyrics

KajiRonga Bor Dhuniya Lyrics:—

কাজিৰঙা বৰ ধুনীয়া একোৰে নাই তুলনা
তাতোতকৈ ধুনীয়া তুমি কেচাঁ সোণৰ টুকুৰা
অ দেহাৰ মৰম ৰঙচঙীয়া
মুগা চুমনীয়া
চাদৰৰে আঁচলখন টানি টানি বান্ধি ল’বা
চাদৰৰে আঁচলখন টানি টানি বান্ধি ল’বা
শিৱসাগৰ মোহনীয়া স্বৰ্গদেউৰ বাটচৰা
নাম ডাঙৰ শিলৰ সাঁকো দেখিবলৈ ধুনীয়া
অ মনৰ খবৰ ক’ব খুজিলে কাষলৈ আহিবা
কুমলীয়া অন্তৰ খন লাহে লাহে বুজি পাবা
কুমলীয়া অন্তৰ খন লাহে লাহে বুজি পাবা

তুমি কোৱা কথাষাৰে কৰিছে মন বলীয়া
কেনেকৈ ফালি দেখুৱাও কুমলীয়া কলিজা
অ তোমাক দেখাৰ দিনাৰ পৰা হ’লো মতলীয়া
তুমিয়ে মোৰ মৰমজান যুগে যুগে যুগমীয়া
তুমিয়ে মোৰ মৰমজান যুগে যুগে যুগমীয়া

অ দিনৰ পাহাৰ ৰঙচঙীয়া
ৰাতি হৈ গুম গুমীয়া
মৰম চেনেহ তেনে নহয় বুলি কিয় ভাবিছা
অ কোনো জনে মৰম যাচে ধনেৰে সোণেৰে
কোনো জনে অন্তৰ দিয়ে মৰমৰ ভাষাৰে
কোনো জনে অন্তৰ দিয়ে মৰমৰ ভাষাৰে

মহাসাগৰ নৈ নিজৰা নেদেখো দূৰৰ পৰা
তুমি কাষত নেথাকিলে কোনে দিব শান্তনা
অ তুমি আহি মৰম দিলে একুৱে নেলাগে
ধনেৰে সোণেৰে মোক জুখি চাব নেলাগে
অ মনৰ দুৱাৰ খুলা আছে
তুমি আহি জিৰাবা ধুনীয়াকৈ পাৰি থৈছো
মনৰ ফুলং দলিছা
দিনৰ বেলি ৰাতিৰে জোন সাক্ষী কৰি ল’লো
বহুত জনৰ মাজতে তোমাকে বাচি ল’লো
বহুত জনৰ মাজতে তোমাকে বাচি ল’লো

Download Link: KajiRonga Bor Dhuniya Lyrics | Anupam Saikia | Bornali Kalita

Lachit

I am a Software Developer & Digital Marketer since 2006. I build shopping and blogging websites, and also provide digital marketing services for YouTubers, Facebook creators, and online brands.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form