Kiyonu Nidiya Lyrics By Zubeen Garg

Song: Kiyonu Nidiya (কিয়নো নিদিয়া)

Singer: Zubeen Garg

Kiyonu Nidiya Lyrics
Kiyonu Nidiya Lyrics

Kiyonu Nidiya Lyrics:–

নিদিয়া নিদিয়া নিদিয়া
কিয়নো নিদিয়া নিদিয়া
বুকুৰে মাজতে দুখন কলিজা
কিয়নো নিদিয়া তুমি
ডিঙিলৈকে দুখ, সুখ কেতিয়া
ক’ব নোখোজা তুমি
আঁজুৰি নিয়া
মোহাৰি দিয়া
হাঁহিব নোৱাৰোঁ
তাকো চুৰ কৰি নিয়া ।
তুমি দিয়া কিনো দিয়া
দুখকে ঢালি দিয়া
তুমি নিয়া, মাথোঁ নিয়া
সুখকে কাঢ়ি নিয়া
ক’লা ক’লা তোমাৰে হিয়া
গৰল উগাৰি আমাকে দিয়া
কিয় বলিয়া এই দুনীয়া
পাবলে তোমাক খন্তেকীয়া
আঁজুৰি নিয়া
মোহাৰি দিয়া
হাঁহিব নোৱাৰোঁ
তাকো চুৰ কৰি নিয়া ।
দুহাততে একা-বেঁকা
ৰেখা আঁকি দিয়া
কপালৰে দীঘলীয়া
ৰেখা মচি নিয়া
মন গ’লে কৰি দিয়া
কাৰোবাক ৰুগীয়া
যুঁজিলে তোমাৰ সতে
প্ৰাণে মাৰি নিয়া
আঁতৰি দূৰতে থাকিব দিয়া
নাহিবা কাষলে তুমি
ক’লা ক’লা তোমাৰ হিয়া
খেলাৰ পুতলা আমি
আঁজুৰি নিয়া
মোহাৰি দিয়া
হাঁহিব নোৱাৰোঁ
তাকো চুৰ কৰি নিয়া ।।

Download Link: Kiyonu Nidiya Lyrics By Zubeen Garg

Lachit

I am a Software Developer & Digital Marketer since 2006. I build shopping and blogging websites, and also provide digital marketing services for YouTubers, Facebook creators, and online brands.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form