O Thunuka Kasghar Lyrics | Bhupen Hazarika

Song: O Thunuka Kasghar (অ’ থুনুকা কাঁচঘৰ)

Singer: Bhupen Hazarika

O Thunuka Kasghar Lyrics
O Thunuka Kasghar Lyrics

O Thunuka Kasghar Lyrics:—

অ’ থুনুকা কাঁচঘৰ
তই বান্ধিবি কিমান
মোৰ মন পখীক
সীমাৰ পৰিধি টানি ।
সৌ অসীম আকাশ
মোৰেই বাবে বাট চাই আছে
কামনাৰ ৰহন সানি।।

জানো মৰণ-জীৱন একেটি নদীৰ
দুপাৰৰে দুটি ঘাট
শুনো মৰণ হেনো শ্যাম সমান
নিতে বাঁহী বায় তাত
তথাপি কিয় ছবি আঁকি যাওঁ
জীৱন লালসাৰ
তথাপি কিয় মোৰ মানসত
বোৱতী সুঁতিৰে ধাৰ
য’ত জিলমিলিয়া পানী।।

অ’ কাঁচঘৰ মই যে তোৰেই
অতিথি ক্ষণিকৰ
দেশে বিদেশে মন গতি মোৰ
হয় যে ক্ষীপ্ৰতৰ
তইতো নোৱাৰ পখীক বান্ধিব
জীয়া সাগৰ পাৰত
কাঁচৰ শিকলি আনি।
সৌ অসীম আকাশ
মোৰেই বাবে বাট চাই আছে
কামনাৰ ৰহন সানি।।

Download Link: O Thunuka Kasghar Lyrics | Bhupen Hazarika

Lachit

I am a Software Developer & Digital Marketer since 2006. I build shopping and blogging websites, and also provide digital marketing services for YouTubers, Facebook creators, and online brands.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form