Samayar Agragatir Lyrics | Bhupen Hazarika

Song: Samayar Agragatir (সময়ৰ অগ্ৰগতি)

Singer: Bhupen Hazarika

Samayar Agragatir Lyrics
Samayar Agragatir Lyrics

Samayar Agragatir Lyrics:—

সময়ৰ অগ্ৰগতি
পক্ষীৰাজত উঠি
যাওঁ মই
নতুন দিগন্তলৈ
হাঁহিমুখে
হাঁহিমুখে
জ্যোতিক শিৰত তুলি
আহে দিন
বাজে বীণ
নিৰাশাবিহীন
আহে বীণ
বাজে বীণ
নিৰাশাবিহীন
নাই আক্ষেপ কোনো
পোৱা নোপোৱাৰ
সমূখত পোহৰৰ
জলন্ত জোৱাৰ ৷

সত্যক সাৰথি কৰি
আহে দিন
যায় দিন
বিৰামবিহীন
আহে দিন
যায় দিন
বিৰামবিহীন
উৰন্ত মনে মোৰ
নেমানে হেঙাৰ
হেঙাৰেই কৰে মোক
মিঠা উপকাৰ ৷

সুন্দৰ সূৰ্য্য ধিয়াই
নাচে মন
নাচে প্ৰাণ
আশংকাবিহীন
নাচে মন
নাচে প্ৰাণ
আশংকাবিহীন
জীৱন্ত সুৰে মোৰ
তোলে ঝংকাৰ
গঢ়ি নব উৎস
গীতিকা গোৱাৰ ৷

সময়ৰ অগ্ৰগতি
পক্ষীৰাজত উঠি
যাঁও মই
নতুন দিগন্তলৈ
হাঁহিমূখে
হাঁহিমূখে

Download Link: Samayar Agragatir Lyrics | Bhupen Hazarika

Lachit

I am a Software Developer & Digital Marketer since 2006. I build shopping and blogging websites, and also provide digital marketing services for YouTubers, Facebook creators, and online brands.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form