Aam Fulile Baan Lyrics | Manas Robin

Song: Aam Fulile Baan (আম ফুলিলে বান)

Singer: Manas Robin 

Aam Fulile Baan Lyrics
Aam Fulile Baan Lyrics

Aam Fulile Baan Lyrics:—

আম ফুলিলে বান কঁঠালে আনে ধান
কঁঠালে আনে ধান
জাননে তই বাৰু মইনাজান
আম ফুলিলে বান কঁঠালে আনে ধান
কঁঠালে আনে ধান
জাননে তই বাৰু মইনাজান
কি ফুল ফুলিলে তোকে পাম
তোকে পাম
কি ফুল ফুলিলে তোকে পাম
তোকে পাম 
সঁচা মনৰে উমান
আম ফুলিলে বান কঁঠালে আনে ধান
কঁঠালে আনে ধান
জাননে তই বাৰু মইনাজান
বলিয়া যৌৱনৰ নিচা আপংৰে
ৰাগী মতলীয়া দেহা কঁপি উঠে
নাহৰৰে কলি তোৰে দুচকুৱে
বুকুলৈ টানে কলিজা জ্বলিছে
চৰুক সুধি চাউল 
বহাব বা কোনে ?
কেতেকীয়ে দিলে বতৰা বিহুৰে
মিলনৰে গান গাই
আম ফুলিলে বান কঁঠালে আনে ধান
কঁঠালে আনে ধান
জাননে তই বাৰু মইনাজান

অ অ অ অ……..

জোনাকী জোনাকী চাৱনি চকুৰে
মাগিছে মেলানি বুকুৰ এন্ধাৰে
হেঁপাহৰ ঘাটতে সপোনে খুলিলে
মনৰে নাওখন বান্ধি থোৱা মোৰে
তই বা আছনে দিচাংৰ সিপাৰে
ৰিঙিয়াই মাতিলেই বঠা বাম অকলে
তেজত পিৰীতিৰ উজান
আম ফুলিলে বান কঁঠালে আনে ধান
কঁঠালে আনে ধান
জাননে তই বাৰু মইনাজান
কি ফুল ফুলিলে তোকে পাম
তোকে পাম
কি ফুল ফুলিলে তোকে পাম
তোকে পাম 
সঁচা মনৰে উমান
আম ফুলিলে বান কঁঠালে আনে ধান
কঁঠালে আনে ধান
জাননে তই বাৰু মইনাজান

অ অ অ অ……..

Download Link: Aam Fulile Baan Lyrics | Manas Robin

Lachit

I am a Software Developer & Digital Marketer since 2006. I build shopping and blogging websites, and also provide digital marketing services for YouTubers, Facebook creators, and online brands.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form