Aji Botor Gabhoru (আজি বতৰ গাভৰু) | Lyrics In Assamese | Bhupen Hazarika

Song: Aji Botor Gabhoru (আজি বতৰ গাভৰু)

Singer: Bhupen Hazarika

Aji Botor Gabhoru Lyrics
Aji Botor Gabhoru Lyrics

Aji Botor Gabhoru Lyrics:—

আজি বতৰ গাভৰু হʼল, প্ৰকৃতি নেথাকে শুই
আগেয়ে নেজানো
এতিয়া জানিলোঁ শৰীৰত একুৰা জুই ।

গা সিৰেসিৰায়, বুকু ধপেধপায়
মন হʼল বোঁৱতী নৈ –
পদুমৰ কলিটিৰ তত্ নাই গাত
ফুলোঁ নে নুফুলোঁকৈ
চাওঁচোন হাতেৰে চুই –
আগেয়ে নেজানো, এতিয়া জানিলোঁ
শৰীৰত একুৰা জুই ।

লহ্পহ্ দেহাতে নিজেই ভোলে গʼলোঁ
মনৰে দাপোণত চাই
ভীমকল পুলি যেন চুবকে নোৱাৰি
চুলে হাত পিছলি যায়
কোনে জানো দিলেহি ৰুই ।।
আগেয়ে নেজানো এতিয়া জানিলোঁ
শৰীৰত একুৰা জুই।

আকাশত ফুলিলে আকাশী চন্দ্ৰমা
সূৰুয, ভোমোৰাই চুমে-
মোৰো যে দেহাকে বতাহে চুমিছে
চন্দ্ৰই লাজতে জুমে ।
হাঁহিছে তগৰে যূঁই –
আগেয়ে নেজানো এতিয়া জানিলোঁ
শৰীৰত একুৰা জুই ।

Download Link: Aji Botor Gabhoru (আজি বতৰ গাভৰু) | Lyrics In Assamese | Bhupen Hazarika

Lachit

I am Software Developer & Digital Marketer science 2006, I do shopping and blogging websites, and also do digital marketing for YouTubers and facebookers.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form