Akon Ghoroloi Lyrics | অকণ ঘৰলৈ | Bhupen Hazarika

Song: Akon Ghoroloi (অকণ ঘৰলৈ)

Singer: Bhupen Hazarika

Akon Ghoroloi Lyrics
Akon Ghoroloi Lyrics

Akon Ghoroloi Lyrics:—-

অকণ ঘৰলৈ আহিলে
আমাৰ অকণ আহিলে
কেঁচা তেজ ভৰা ফুল শয়নত
কোনেনো সজায়ে দিলে।।

আমাৰ অকণে কৈশোৰতে
বীৰৰ সপোন দেখিলে
সংগ্ৰামৰে নেতা হʼব বুলি
বিপ্লৱী ক্ষণ গণিলে।।

অকণ শীঘ্ৰে ডাঙৰ হʼল
দেশৰ কামলৈ লʼৱৰি গʼল
সীমান্তলৈ কোনোবাই

হাত-বাউলি মাতিলে।।

জয়ৰ তিলক আঁকি সিদিনা
কৈছিলোঁ অকণক
পৰাজয়ৰ গ্লানিয়ে তোক
পৰশ নকৰক।

আমাৰ অকণ আহিলে
জয়ৰ মালা পিন্ধিলে
বুকু শীতলাব বুলি কৈছিলে
হিয়া দহিবলৈ আহিলে।।

হম্ হম্ কৰি জ্বলিল যেতিয়া
বীৰ অকণৰ চিতা
এনেভাব হʼল শত সেনানীৰ
মই গৰ্বিত পিতা।

চিতাৰ অগনি জ্বলিলে
অকণ আমাৰ জিৰালে
হেজাৰ অকণ জাগিব আকৌ
অগনিয়ে সকীয়ালে।।

Download Link: Akon Ghoroloi Lyrics | অকণ ঘৰলৈ | Bhupen Hazarika

Lachit

I am a Software Developer & Digital Marketer since 2006. I build shopping and blogging websites, and also provide digital marketing services for YouTubers, Facebook creators, and online brands.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form