Atanka Lyrics | আতঙ্ক | Bhupen Hazarika

Song: Atanka (আতঙ্ক)

Singer: Bhupen Hazarika

Atanka Lyrics
Atanka Lyrics

Atanka Lyrics:—-

আতঙ্ক ঘোৰ আতঙ্ক
আতঙ্কবাদ হুঁচিয়াৰ
সূৰ্য্যলোকত উজলিছে
শান্তি সমাহাৰ।।

অজস্ৰ জীৱন হ’ল যে নিধন
কত বোৱাৰীয়ে হেৰুৱালে স্বজন।
যুগ যুগ ধৰি আমি আক্ৰান্ত
তথাপি নহওঁ আমি ৰণক্লান্ত।

আমি জানো, সেই অপশক্তিক
তোমাক যোগাই যি গোপনে সহায়
শত কোটি দৃঢ় ভাৰতীয়ই
তোমাক কৰিব অসহায়।

আত্মহত্যা অপমৃত্যু
আত্মঘাতী উদ্দেশ্য
আনৰ মৃত্যু, আনি নিষ্ঠুৰভাৱে
কৰিছাঁ অট্টহাস্য।

সত্যম শিৱম সুন্দৰম

বসুধৈৱ্য কুটুম্বকম
আমাৰ ভাৰতীয় মন্ত্ৰ–
আতঙ্কবাদে নোৱাৰে ৰুধিব
মানৱতাবাদ–গণতন্ত্ৰ।

Download Link: Atanka Lyrics | আতঙ্ক | Bhupen Hazarika

Lachit

I am Software Developer & Digital Marketer science 2006, I do shopping and blogging websites, and also do digital marketing for YouTubers and facebookers.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form