Bhorir Toluwar Pora (ভৰিৰ তলুৱাৰ পৰা) | Lyrics In Assamese | Bhupen Hazarika

Song: Bhorir Toluwar Pora (ভৰিৰ তলুৱাৰ পৰা)

Singer: Bhupen Hazarika

Bhorir Toluwar Pora Lyrics
Bhorir Toluwar Pora Lyrics

Bhorir Toluwar Pora Lyrics:—-

ভৰিৰ তলুৱাৰ পৰা
যদি ধৰাখন
খহি পৰা যেন লাগে
তিল তিল কৈ যদি
নিজৰেই ঘৰখন
কাৰোবাৰ দোষতে ভাগে
পুনৰ গঢ়িবা তুমিহে বান্ধ’ পুনৰ গঢ়িবা তুমি ৷
যদি পৰিয়ালে তোমাক সঙ্গ এৰে
তুমি অকলশৰীয়া হোৱা
যদি সৎ কাম কৰি কৰি
সংসাৰ সজালেও
অপযশ পদে পদে পোৱা
পুনৰ সজাবা তুমি হে বান্ধ’ পুনৰ সজাবা তুমি ৷
শান্তিক কৰি লোৱা তোমাৰ গৃহিণী
ধৈৰ্য্য হ’ব লাগে পিতৃ
দয়া হ’ব লাগে মৰমী ভগিনী..
ক্ষমা হ’ব লাগে ভাতৃ
আশা হ’ব লাগে তোমাৰ সহোদৰ
সংগ্রাম হ’ব গৈ মাতৃ ৷
যদি বিছনাৰ অভাৱত
আকাশৰ তলতে
বাগৰি পৰিব লাগে
যদি পোছাকৰ অভাৱত
সময়ৰ ৰঙকে
মেৰিয়াই ল’বই লাগে
তাকেই কৰিবা তুমি হাঁহিমুখে
তাকেই কৰিবা তুমি।।

Download Link: Bhorir Toluwar Pora (ভৰিৰ তলুৱাৰ পৰা) | Lyrics In Assamese | Bhupen Hazarika

Lachit

I am Software Developer & Digital Marketer science 2006, I do shopping and blogging websites, and also do digital marketing for YouTubers and facebookers.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form