বʼহাগ মাথোঁ এটি ঋতু নহয়
নহয় বʼহাগ এটি মাহ
অসমীয়া জাতিৰ ই আয়ুস ৰেখা
গণ জীৱনৰ ই সাহ
বʼহাগ মাথোঁ বিহুতলী নহয়
নহয় ই নিশা ফুলা ফুল
বʼহাগেই আনি দিয়ে সমদল গতি
নেওচি জাতি কুল
ই প্রভেদক কৰে নাশ।।
বʼহাগ এটি মাথোঁ মাকো নহয়
নহয় ই কুলিৰে মাত
বʼহাগ এটি নৱ নৱ চিন্তাৰ
সাঁচিপাত পুথিৰে পাত
ই উজলায় জীৱন আকাশ।।
বʼহাগ মাথোঁ বিহুগীত নহয়
ইনাই বিনাই গোৱা
বʼহাগ এখনি সৃষ্টি দলিল
সূৰ্য্যৰ জ্যোতিত পোৱা
বহাগেই এন্ধাৰৰ ত্রাস।।
বহাগত জাতিৰে স্নান কৰে
মলিয়ন বস্ত্র সলায়
সংগ্রামী জীৱনতো
ৰণ প্রেৰণা
দিয়ে বৰদৈচিলাই ..
ওফৰাই দুখ নাগপাশ।।
Download Link: Bohag Mathu Lyrics | Bhupen Hazarika


