Bonjui Bonot He Jole Lyrics | Bhupen Hazarika

Song: Bonjui Bonot He Jole (বনজুই বনতহে জ্বলে)

Singer: Bhupen Hazarika

Bonjui Bonot He Jole Lyrics
Bonjui Bonot He Jole Lyrics

Bonjui Bonot He Jole Lyrics:–

বনজুই বনতহে জ্বলে দেখা পোৱা যায়
মনৰ জুই মনত জ্বলে দেখাতো নেপায় হে’।
হিটলাৰৰ জোতাৰ শৱদ হে’ গিৰিপ গাৰাপ চলে
ইহুদী নিধন পৰ্ব সহস্ৰ মৰিল হে’।।

বিংশ শতাব্দীৰে সিদিনা চতুৰ্থ দশক
বিশ্ব জুৰি মহাসমৰে পৃথিৱী জ্বলাওক হে’ ।।

ভাৰতৰে গান্ধী বাপু হে’ আৰু ফৰণ্টিয়াৰ গান্ধী
ইংৰাজকে ওফৰাব নকৰে যে সন্ধি হে’ ।।

হিংসা আৰু অহিংসা হে’ দুটি অস্ত্ৰ আছে
হিংসা এৰি গান্ধী বাপুই অহিংসা বাচিছে হে’ ।।

বিশ্ব যুদ্ধত জনগণৰ হে নিধন হয় দুগুণ
তাৰ পাছে শিশুৰ জনম হয় তিনিগুণ ।।

বৰপদুমণি গাঁৱৰহে, এক দম্পতিৰে কথা
সন্তানহীন দেখি বুকুত লাগিছে যে বেথা হে’ ।
বিশ্বযুদ্ধৰ অশান্ত বায়ু, আমাৰ অসমতো বয়
নেতাজীৰ মুক্তিযোদ্ধা কোহিমাতে ৰয় হে’ ।।

বৰপদুমনি গাঁৱত হে’ ইংৰাজৰ পুলিচে
অত্যাচাৰী হৈ হাঁহ কুকুৰা কাঢ়িছে হে’ ।।

জাপান দেশৰ যুদ্ধ বিমান হে’ অসমত উৰিছে
চহৰ নগৰ মহাকাশ এন্ধাৰত বুৰিছে হে’ ।।

ইস্কুল কলেজ বন্ধ কৰি হে হাচপাতাল পাতিছে
বিশ্ব যুদ্ধৰ সঙ্গে সঙ্গে মুক্তি ৰণ চলিছে হে’।।

শংকৰ মাধৱৰে ভাওনাৰ শুদা আখৰা থলী
ডবা নাই, নামঘৰৰো চাকি নুঠে জ্বলি হে’ ।।

আমাৰ দম্পতিৰ মনতো এক মনৰ যুদ্ধ চলে
সন্তানহীন হৈ দুয়ো কান্দে অকলে হে’ ।।



কঠীয়া পাৰিছে দুয়ো হে’ আৰু ভূঁইও ৰুইছে
লখিমী পথাৰৰ ধান আঘোণত কাটিছে হে’ ।।

সোণালী আঘোণ মাহ হে’ বছৰে আহিছে
মনৰ পথাৰ শুদা দেখি অন্তৰ দহিছে হে’ ।।

Download Link: Bonjui Bonot He Jole Lyrics | Bhupen Hazarika

Lachit

I am Software Developer & Digital Marketer science 2006, I do shopping and blogging websites, and also do digital marketing for YouTubers and facebookers.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form