Jhak Jhak Rail Lyrics | Bhupen Hazarika

Song: Jhak Jhak Rail (ঝক্‌ ঝক্‌ ৰেল)

Singer: Bhupen Hazarika

Jhak Jhak Rail Lyrics
Jhak Jhak Rail Lyrics


Jhak Jhak Rail Lyrics:—

ঝক্‌ ঝক্‌ ৰেল চলে মোৰ
ৰেল চলে মোৰ ৰেল চলে
সাম্য ৰিঙিয়ায়
শান্তি উকিয়াই ৰেল চলে।।

ফায়াৰমেন্‌ মই
দপ দপ অগনিৰ
তেজ ৰঙা বৰণৰ
কয়লাৰ পাত্ৰ
হাতেৰে খামুচি ধৰি
বয়লাৰ দুগুণে জ্বলাওঁ
দেহা মোৰ জ্বলে জ্বলে।।

ছিগনেলমেন মই
কʼলা কʼলা কয়লাৰ ধূলি লাগি কʼলা পৰা
বাহুৰ শকতিৰে শোষণৰ কণা বাট
হোঁহকাই থৈ মই সময়ৰ আলিটিৰ
নিচান উৰাওঁ
শোষণ দূষিত বায়ু ফালে ফালে।।

ড্ৰাইভাৰ লাইনছমেন
বনুৱা কেৰাণী মই
ৰাতি নাই দিন নাই
চকুত টোপনি নাই
হায়, হায়, হায়
খং উঠি ৰঙা পৰা চকুত কয়লা পৰি
দৃষ্টিক দুগুণে জ্বলাওঁ
কাম কৰি মই ভাগৰি পৰিলোঁ
পেট মোৰ জ্বলে জ্বলে।।

যন্ত্ৰ যুগৰ সুমহান কৃষ্টিৰে
মানুহৰ মুক্তিৰ গঢ়িম সপোন
নতুনৰ গতি খেদি বাহুৱে বাহুৱে বন্ধা
আকাশ পৰশি যোৱা, একতাৰ বান্ধোনক
ৰুধিব কোনে?
সাম্যৰ ধুমুহাই ঠেলে ঠেলে।।

Download Link: Jhak Jhak Rail Lyrics | Bhupen Hazarika

Lachit

I am a Software Developer & Digital Marketer since 2006. I build shopping and blogging websites, and also provide digital marketing services for YouTubers, Facebook creators, and online brands.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form