Kauri Pore (কাউৰী পৰে) - Lyrics | Khagen Mahanta

Song: Kauri Pore (কাউৰী পৰে)

Singer: Khagen Mahanta 

Kauri Pore (কাউৰী পৰে) – Lyrics:—


কাউৰী পৰে,
কলৰে পাততে কাউৰী পৰে,
আগলতী চিত মোৰ লৰে চৰে,
দোম দোম ডবাতে কোনে কোব মাৰে,
আশাৰৰ ডাৱৰৰ আঁৰে আঁৰে,
অ অ জেউতী তোলৈ মোৰ মনত পৰে,
অ অ জেউতী তোলৈ মোৰ মনত পৰে,
কাউৰী পৰে…..
পাখিত লগাই পাখি জাকি মাৰে উৰে বগ,
জাকি মাৰি উৰে,
পাখিত লগাই পাখি জাকি মাৰে উৰে বগ,
জাকি মাৰি উৰে,
উৰণীয়া মন মোৰ বান্ধিব নোৱাৰো,
উৰণীয়া মন মোৰ বান্ধিব নোৱাৰো,
অ অ জেউতী তোৰ কাষলৈ উৰা মাৰে,
কাউৰি পৰে…….
অ অ অ ……
পথাৰত যদিহে উঠিছে ঢল,
হেৰুৱাই নিদিবি মনৰে বল,
ৰাইজে মাৰিব ওখকৈ ভেটা,
ঢলে এৰি যাব পলসৰ এঠা,
বাৰিষা আহিছে ধাৰাসাৰে
মৈ দিয়া বোকাই মোৰ মন কাঢ়ে,
কাউৰি পৰে…….
চকুৰে নেদেখা দূৰণীতে,
আছোহি পিয়নৰ চাকৰিতে,
চকুৰে নেদেখা দূৰণীতে,
আছোহি পিয়নৰ চাকৰিতে,
কোমল ধানৰ কঠীয়া পৰালিলে নাই,
বকুল পৰাৰ কোচ ললিনে নাই,
মন মোৰ উচ-পিচ কৰে,
কাউৰি পৰে…….
চিঠিৰ বুজা মই পিঠিত বান্ধি লৈ
পৰৰ চেনেহ কঢ়িয়াওঁ,
মোৰহে চেনেহীয়ে কিনো ভাবিছে
তাৰ একো গমকে নাপাওঁ,
চিঠিৰ বুজা মই পিঠিত বান্ধি লৈ
পৰৰ চেনেহ কঢ়িয়াওঁ,
মোৰহে চেনেহীয়ে কিনো ভাবিছে
তাৰ একো গমকে নাপাওঁ,
যোৱাবেলি আঘোণতে….
জেউতীৰে কোলাতে,
এৰি অহা সৰু পোনাটিৰ,
আজি থুনুক-থানাক মাতটি,
ঘুনুক-ঘানাক উটি আহে,
দেউতা বেগতে আহিবি,
আহোতে জোনোকা আনিবি,
দেউতা বেগতে আহিবি,
আহোতে জোনোকা আনিবি,
অবুজ চকুলো মোৰ সৰে সৰে,
অবুজ চকুলো মোৰ সৰে সৰে,
কাউৰি পৰে…….
জেউতী অ….
পোনাটি অ….
কুশলে আছনে…. ছাগে অ অ অ……


Download Link: Kauri Pore (কাউৰী পৰে) - Lyrics | Khagen Mahanta

Lachit

I am a Software Developer & Digital Marketer since 2006. I build shopping and blogging websites, and also provide digital marketing services for YouTubers, Facebook creators, and online brands.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form