Kinu Kopal Haadhi (কিনো কপাল সাধি) | Lyrics In Assamese | Bhupen Hazarika

Song: Kinu Kopal Haadhi (কিনো কপাল সাধি)

Singer: Bhupen Hazarika

Kinu Kopal Haadhi Lyrics
Kinu Kopal Haadhi Lyrics

Kinu Kopal Haadhi Lyrics:—

কিনো কপাল সাধি আহিলি বান্ধ
ঘৰ মৰিশালি হʼল।
আপোন হাতেৰে ফুলনি পাতিলি
থিতাতে মৰহি গল হেʼ।।

আকাশৰ মনেৰে জোনক সাবটিলি
জোনৰ নুবুজিলি ছল।
জোনও লুকালে জোনাকো পলালে
সৰিছে চকুলোৰ ধল হেʼ।।

গৰু-গাই মাউৰা পাৰহো মাউৰা
তাঁতৰ শাল নিমাওমাও হʼল,
পুখুৰীৰ পাৰটো উকা উকা লাগে
সোঁৱৰণী পৰি ৰল।।

মনৰে দাপোণত মনৰ মানুহজনী
কিয় নাইকিয়া হল।
মায়াময় পৃথিৱীৰ আশাৰে থাপনা
ছেদেলি ভেদেলি হল হেʼ।।

“মৎস কুৰ্ম নৰসিংহ বামন পৰশুৰাম,
হলিৰাম বৰাহ শ্ৰীৰাম
বুদ্ধ কল্কি নামে দশ আকৃতি ধৰিছা কৃষ্ণ
তযু পাৱে কৰোহোঁ প্ৰণাম”

মোৰে উদং ঘৰখনিৰ, নঙলা খুলিছে
লখিমী উভতি আহি
নিজ হাতে সাৰিছেহি, মোৰে বাহী চোতালখনি
অʼ ফুলালে মৰহা পাহি।
এন্ধাৰকৈ আকাশত, আজি যেন দেখিছো
মৰমী জোনাকৰ ধল
হেৰোৱা লখিমীক হাততে পাই যেন
সংসাৰ শুৱনি হʼল।

Download Link: Kinu Kopal Haadhi (কিনো কপাল সাধি) | Lyrics In Assamese | Bhupen Hazarika

Lachit

I am a Software Developer & Digital Marketer since 2006. I build shopping and blogging websites, and also provide digital marketing services for YouTubers, Facebook creators, and online brands.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form