Kune Koi Moi Akolxoriya Lyrics | Bhupen Hazarika

Song: Kune Koi Moi Akolxoriya (কোনে কয় মই অকলশৰীয়া)

Singer: Bhupen Hazarika

Kune Koi Moi Akolxoriya Lyrics
Kune Koi Moi Akolxoriya Lyrics

Kune Koi Moi Akolxoriya Lyrics:—-

কোনে কয় মই অকলশৰীয়া
মই আৰু মোৰ ছাঁ
দুয়ো দুয়োৰে লগৰীয়া
পৃথিৱী নক’বা মই অকলশৰীয়া

সংগীহীনতা
মোৰেই সংগী
বুলি কিয় তুমি উপহাস কৰিছা ?
মই আৰু মোৰ ছাঁ
দুয়ো দুয়োৰে লগৰীয়া
মই আৰু মোৰ ছাঁ।।

দূৰণিৰ বন্ধু সকলো মিছা
নিচেই কাষৰে ছাঁহে সঁচা,
মই আৰু মোৰ ছাঁ — ।
দুয়ো দুয়োৰে লগৰীয়া
মই আৰু মোৰ ছাঁ — ।

আশাৰ বালিচৰত
যেতিয়া ঘৰ সাজোঁ
মোৰেই ছাঁই বালি তুলি দিয়ে ।
এন্ধাৰ বাটতে মোৰেই ছাঁই
মেলি দিয়ে নিতে জ্যোতিৰ দলিচা

মই আৰু মোৰ ছাঁ
দুয়ো দুয়োৰে লগৰীয়া
পৃথিৱী নক’বা মই অকলশৰীয়া
মই আৰু মোৰ ছাঁ ।।

Download Link: Kune Koi Moi Akolxoriya Lyrics | Bhupen Hazarika

Lachit

I am a Software Developer & Digital Marketer since 2006. I build shopping and blogging websites, and also provide digital marketing services for YouTubers, Facebook creators, and online brands.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form