Moi Eti Jajabor Jyrics In Assamese | মই এটি যাযাবৰ | Bhupen Hazarika

Song: Moi Eti Jajabor (মই এটি যাযাবৰ)

Singer: Bhupen Hazarika

Bhupen Hazarika

Moi Eti Jajabor Jyrics In Assamese:—

মই এটি যাযাবৰ

মই এটি যাযাবৰ,

ধৰাৰ দিহিঙে-দিপাঙে
লৱৰো নিবিছাৰি নিজা ঘৰ
মই এটি যাযাবৰ
মই এটি যাযাবৰ….

মই লুইতৰ পৰা মিছিছিপি হৈ

ভল্গাৰে ৰূপ চালো,

অতোৱাৰ পৰা অষ্ট্ৰিয়া হৈ
পেৰিছ সাৱটি ল’লো,
মই ইলোৰাৰ পৰা পুৰণি ৰহণ
চিকাগোলে কঢ়িয়ালো,
গালিবৰ শ্বেৰ দুচম্বেৰ
মীনাৰত শুনা পালো
মাৰ্কটুৱেনৰ সমাধিত বহি
গৰ্কীৰ কথা ক’লো,
বাৰে বাৰে দেখো বাটৰ মানুহো
আপোন হৈছে পৰ,
সেয়ে মই যাযাবৰ
সেয়ে মই যাযাবৰ….

বহু যাযাবৰ লক্ষ্যবিহীন

মোৰ পিছে আছে পণ,

ৰঙৰ খনি য’তেই দেখিছো
ভগাই দিয়াৰ মন,
বহু যাযাবৰ লক্ষ্যবিহীন
মোৰ পিছে আছে পণ,
ৰঙৰ খনি য’তেই দেখিছো
ভগাই দিয়াৰ মন,
মই দেখিছো অনেক গগণ চুম্বী
অট্টালিকাৰ শাৰী,
তাৰ ছাঁতেই দেখিছো ক’তনা
গৃহহীন নৰ-নাৰী,
মই দেখিছো কিছো ঘৰৰ সমুখ
বাগিছাৰে আছে ভৰি,
আৰু দেখিছো মৰহা ফুলৰ পাপৰি
অকালতে পৰা সৰি,
বহু দেশে দেশে গৃহদাস দেখি
চিন্তিত হওঁ বৰ,
মনৰ মানুহ বহুতেই দেখো
ঘৰতেই হৈছে পৰ,
সেয়ে মই যাযাবৰ
সেয়ে মই যাযাবৰ,
ধৰাৰ দিহিঙে-দিপাঙে
লৱৰো নিবিছাৰি নিজা ঘৰ
সেয়ে মই যাযাবৰ
মই এটি যাযাবৰ….

মই এটি যাযাবৰ

ধৰাৰ দিহিঙে-দিপাঙে

লৱৰো নিবিছাৰি নিজা ঘৰ….

Download Link: Moi Eti Jajabor Jyrics In Assamese | মই এটি যাযাবৰ | Bhupen Hazarika

Lachit

I am a Software Developer & Digital Marketer since 2006. I build shopping and blogging websites, and also provide digital marketing services for YouTubers, Facebook creators, and online brands.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form