Mrityu Haboti (মৃত্যু সাবটি) | Lyrics By Bhupen Hazarika

Song: Mrityu Haboti (মৃত্যু সাবটি)

Singer: Bhupen Hazarika

Mrityu Haboti Lyrics
Mrityu Haboti Lyrics

Mrityu Haboti Lyrics:—

মৃত্যু সাবটি
সমাধিতলিত
অকলে আছোঁহি শুই
এতিয়া পুনৰ
আহিছাঁ কিয়
জ্বলাব কলিজাৰ জুই।
মৰণ পৰতো
আছিলোঁ দেখোন
তোমাৰ বাটকে চাই।
তেতিয়া তুমি
সময় নেপালাঁ
তোমাৰ আহৰি নাই।
মোৰ মৃতদেহ
বগা কাপোৰেৰে
কোনোবাই ঢাকি দিলে
আন কোনোবাই
গংগাজলেৰে
দেহাটি তিয়াই দিলে
নিশ্চয় তুমি তেতিয়া আছিলাঁ।
আনৰ মৰম ছুই!
মই আছিলোঁ ক্ষণ গণি গণি
আশাৰ বৃক্ষ ৰুই।
চিৰশান্তিৰ কোলাত আজি
পালোঁ মোৰ বিচৰা ঠাই
তুমি কিয় বাৰু এতিয়াও মোক
জোকাবলেʼ এৰা নাই ?
জীৱনৰ পাৰৰ কাহিনী সামৰি
তুমি যোৱা কিয় নাই?
জীয়া মায়াৰ বান্ধ খুলি লʼলোঁ
মৰণ-প্ৰেয়সীক পাই।
নোজোকাবা মোক
মিছা হাঁহি মাৰি
ভাল পাওঁ বুলি কৈ
এতিয়াতো পাৰ
হʼবতো নোৱাৰোঁ
অসীম মৰণ নৈ।।

Download Link: Mrityu Haboti (মৃত্যু সাবটি) | Lyrics By Bhupen Hazarika

Lachit

I am Software Developer & Digital Marketer science 2006, I do shopping and blogging websites, and also do digital marketing for YouTubers and facebookers.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form