Mur Gaan Hauk Lyrics | মোৰ গান হওক | Bhupen Hazarika

Song: Mur Gaan Hauk (মোৰ গান হওক)

Singer: Bhupen Hazarika

Mur Gaan Hauk Lyrics
Mur Gaan Hauk Lyrics

Mur Gaan Hauk Lyrics:—

মোৰ গান হওক
বহু আস্থাহীনতাৰ বিপৰীতে
এক গভীৰ আস্থাৰ গান।

মোৰ গান হওক
কল্পনা-বিলাসৰ বিপৰীতে
এক সত্য প্ৰশস্তিৰ ধ্যান।।

মোৰ কলাশৈলীতে মূৰ্ত্ত হওক
এক মধুৰ বৈশিষ্টৰ মান।
এই গানত জাগক জনৈক সংগ্ৰামী
সৈনিকৰ মহাপ্ৰাণ।।

মোৰ গান হওক
বহু আস্থাহীনতাৰ বিপৰীতে এক
গভীৰ আস্থাৰ গান।।

সমসাময়িক সংঘাত
জীৱনৰ জ্যোতিপ্ৰপাত।
তাৰেই গান হওক ধন্য
হওক সমৱেত কণ্ঠ অগণ্য।।

ধ্বংসমুখী দৃষ্টিভংগী
কিম্বা মনোমালিন্য।
সেয়া নহয় মোৰ গানৰ লক্ষ্য
লক্ষ্য শান্তি অনন্য।।

মোৰ গান হওক
বহু আস্থাহীনতাৰ বিপৰীতে এক
গভীৰ আস্থাৰ গান।।

মোৰ সুৰবিন্যাসত মূৰ্ত্ত হওক
অতীত বৰ্তমান
চিৰ উজ্জ্বল ভৱিষ্যতেও যেন
তাতেই কৰে নিতে স্নান।।

মোৰ গান হওক
বহু বাধাৰ প্ৰাচীৰৰ বিপৰীতে
তীব্ৰ গতিৰেই গান।।

মোৰ গান হওক
বহু আস্থাহীনতাৰ বিপৰীতে এক
গভীৰ আস্থাৰ গান।।

Download Link: Mur Gaan Hauk Lyrics | মোৰ গান হওক | Bhupen Hazarika

Lachit

I am a Software Developer & Digital Marketer since 2006. I build shopping and blogging websites, and also provide digital marketing services for YouTubers, Facebook creators, and online brands.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form