Nila Akakh Lyrics | নীলা আকাশ | Angaraag Mahanta (Papon)

Song: Nila Akakh (নীলা আকাশ)

Singer: Angaraag Mahanta (Papon)

Nila Akakh Lyrics
Nila Akakh Lyrics

Nila Akakh Lyrics:—

নীলা আকাশ, মেঘৰ আবাস,
বৰণীয়া পোহৰ এজাক,

ই ক’ৰপৰা আহি আছে !
নেজানো একোকে,
সঁচা-মিছা…..

অতি চিনাকি এজাক বৰষুণ,

নামিলেহি মোৰ চোতালতে,
অতি চিনাকি অনুভূতিবোৰ,
বাগৰ সলায় মোৰ হৃদয়তে,
মোৰ মনক জোকায়,
সেই বৰষুণজাকৰ দৰে সিও গুচি যায়,
বৰ অসহায়,
অসহায় লাগে সেই পৰতে,
বৰ অসহায়,
অসহায় লাগে সেই পৰতে কিয়?
সময় বালিৰ সোণোৱালী,
নিৰৱে তাইৰ চতুৰালি,
হাতৰ ফাঁকে সৰকি যায়,
নোৱাৰি ধৰিব…..
পাৰি জানো???

জিৰ্ জিৰ্ জিৰ্ জীৱন্ত,

চঞ্চল মনৰ নিজৰাতে,
কত হাঁহি শত অশ্ৰু,
উটি আহে উটি যায় নেদেখাকে ,
জিৰ্ জিৰ্ জিৰ্ জীৱন্ত
চঞ্চল মনৰ নিজৰাতে,
কত হাঁহি শত অশ্ৰু,
উটি আহে উটি যায় নেদেখাকে,
মোৰ মনে জানো বুজি পায়!
এই অভিনয় আঁৰে আঁৰে কোনে জুমি চায়
বৰ অসহায়,
অসহায় লাগে সেই পৰতে,
বৰ অসহায়,
অসহায় লাগে সেই পৰতে কিয়?

নীলা আকাশ, মেঘৰ আবাস,

বৰণীয়া পোহৰ এজাক,
ই ক’ৰপৰা আহি আছে?
নেজানো একোকে,
সঁচা-মিছা…..

Download Link: Nila Akakh Lyrics | নীলা আকাশ | Angaraag Mahanta (Papon)

Lachit

I am a Software Developer & Digital Marketer since 2006. I build shopping and blogging websites, and also provide digital marketing services for YouTubers, Facebook creators, and online brands.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form