Xihoron Lyrics – Sannidhya Bhuyan

featured image

Xihoron Lyrics, sung by Sannidhya Bhuyan & Adam Mahfuz . Lyrics pinned by Sanjib Bhuyan. Music by Adam Mahfuz.

Song Credits 

  • Vocals – Sannidhya Bhuyan & Adam Mahfuz
  • Composition – Sannidhya Bhuyan
  • Lyrics – Sanjib Bhuyan
  • Music Production – Adam Mahfuz
  • Illustration – Nafisa Sultana & Rituporn Gogoi
  • Animation – Rituporn Gogoi
  • Label: JONAK

Xihoron Lyrics In Assamese

জীয়াই থকাৰ মোৰ
উলাহ অনন্য
হাঁহিৰে পাহৰোঁ
শূন্য বিভিন্ন

প্ৰতিক্ষণ-অনুক্ষণ
ৰঙীন শিহৰণ
মোৰ দুটি নয়ন
সপোনত মগন
মোৰ দুটি নয়ন
সপোনত মগন

মনপথাৰত আশাৰ কঠীয়া (সিঁচোঁ)
চপাবলে’ জীৱনৰ শইচ বৰণীয়া (আৰু)
এই আশা অনুপম
নিতে পাহৰাই মৰম
কৰাই মৰম অনুপম
মনপথাৰত আশাৰ কঠীয়া (সিঁচোঁ, কঠীয়া)
চপাবলে’ জীৱনৰ শইচ বৰণীয়া (বৰণীয়া)
এই আশা অনুপম
নিতে পাহৰাই মৰম
কৰাই মৰম অনুপম

সৰগ নমা এই ধুনীয়া ধৰণীত
কিয় যে গঢ়োঁ আমি কুটিল পৃথিৱী!
তোৰ-মোৰ-তোৰ নাহে যে টোপনি (টোপনি)
সৰগ নমা এই ধুনীয়া ধৰণীত (ধুনীয়া ধৰণী)
কিয় যে গঢ়োঁ আমি কুটিল পৃথিৱী! (কুটিল পৃথিৱী)
তোৰ-মোৰ-তোৰ নাহে যে টোপনি (টোপনি)
টোপনি (টোপনি)

ৰ’দে-বৰষুণে ঘূৰোঁ, পথ এঁকা-বেঁকা
বিচাৰোঁতে দিন যায় মৰম-ভালপোৱা
তথাপি নৰওঁ মই, নাই মোৰ হতাশা
দিন-দিন প্ৰতিদিন নাই মই ভাগৰা

এটিবাৰৰে জীৱন
বিয়পি মৰম
হৈ ৰওক বিতোপন
হওক বিতোপন
এটিবাৰৰে জীৱন
হৈ ৰওক বিতোপন

মনপথাৰত আশাৰ কঠীয়া (সিঁচোঁ)
চপাবলে’ জীৱনৰ শইচ বৰণীয়া (আৰু)
এই আশা অনুপম
নিতে পাহৰাই মৰম
কৰাই মৰম অনুপম
মনপথাৰত আশাৰ কঠীয়া (সিঁচোঁ, কঠীয়া)
চপাবলে’ জীৱনৰ শইচ বৰণীয়া (বৰণীয়া)
এই আশা অনুপম
নিতে পাহৰাই মৰম
কৰাই মৰম অনুপম

কৰাই মৰম অনুপম
মনপথাৰত আশাৰ কঠীয়া
চপাবলে’ জীৱনৰ শইচ বৰণীয়া
এই আশা অনুপম
নিতে পাহৰাই মৰম
কৰাই মৰম অনুপম

Music Video Of Xihoron Song

We Hope You Liked the Xihoron Lyrics – Sannidhya Bhuyan, If You Found Mistakes in the Lyrics “Xihoron Lyrics – Sannidhya Bhuyan” kindly Submit Us With the Correct Xihoron Lyrics – Sannidhya Bhuyan Song! Thanks for visiting our Lyrics App!

Lachit

I am Software Developer & Digital Marketer science 2006, I do shopping and blogging websites, and also do digital marketing for YouTubers and facebookers.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form