Juwai Jodi Juwa Baru | Zubeen Garg

featured image
Song – Juwai Jodi Juwa Baru
Singer – Zubeen Garg
Album- Bordoisila Theatre 2019-20

যোৱাই যদি যোৱা বাৰু
কেতিয়াও নামাতো দেই
যতেই আছা থাকা তুমি
কুশলে থাকিবা দেই

অ’ ভাগৰুৱা দেহাতি জুৰাবলে
মোক আৰু নকবা দেই
অ’ মৰমৰ গীতটি সুৰ দিবলে
মোক আৰু নকবা দেই

কোৱানা এবাৰ কোৱানা তুমি
সদায়ে হাঁহি থাকিবা দেই
চকুলো বোৱাই নিজকে কন্দুৱাই
কষ্ট নিদিবা দেই

যোৱাই যদি যোৱা বাৰু
কেতিয়াও নামাতো দেই
যতেই আছা থাকা তুমি
কুশলে থাকিবা দেই

মইনা ঐ মইনা ঐ মইনা ঐ .. মইনা ঐ মইনা ঐ

(Music)

তোমাৰ জীৱন সাগৰত মই
এখনি ভাঙি যোৱা নাওঁ
দূৰৈ পৰা চিঅঁৰিছোঁ শুনা
তোমাক বৰ ভাল পাওঁ
তোমাক বৰ ভাল পাওঁ

তোমাৰ মৰম মোৰে কোলাত
কি বুলি নো নিচুকাম
যদিহে সোধে তোমাৰ ঠিকনা
কালৈ নো আঙুলি তুৱাম

কোৱানা এবাৰ কোৱানা তুমি
সদায়ে হাঁহি থাকিবা দেই
চকুলো বোৱাই নিজকে কন্দুৱাই
কষ্ট নিদিবা দেই

(Music)…

কপালত সদায় জিলিকাই ৰাখিম
তুমি দিয়া ৰঙা জোনবাই
শিৰৰ ৰঙাখিনি নুমোছোঁ কাহানিও
তোমালৈ মনত পেলাই
তোমালৈ মনত পেলাই

তোমাৰ তেজৰ মান ৰাখিম
বাধা নিদিবা দেই
একুৰা জুই বুকুতে জ্বলাম
নুমোৱাই নিদিবা দেই

কোৱানা এবাৰ কোৱানা তুমি
সদায়ে হাঁহি থাকিবা দেই
চকুলো বোৱাই নিজকে কন্দুৱাই
কষ্ট নিদিবা দেই

যোৱাই যদি যোৱা বাৰু
কেতিয়াও নামাতো দেই
যতেই আছা থাকা তুমি
কুশলে থাকিবা দেই

কইনা ঐ কইনা ঐ কইনা ঐ … কইনা ঐ
কইনা ঐ কইনা ঐ কইনা ঐ … কইনা ঐ

Download Link: Juwai Jodi Juwa Baru | Zubeen Garg

Lachit

I am a Software Developer & Digital Marketer since 2006. I build shopping and blogging websites, and also provide digital marketing services for YouTubers, Facebook creators, and online brands.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form