Monote Pore Lyrics By Angaraag Mahanta

Song: Monote Pore (মনতে পৰে)

Singer: Angaraag Mahanta

Add caption

Monote Pore Lyrics:—

মনতে পৰে আজি সোঁৱৰণী
সেউজী পথাৰ বুকুতে সেউজীয়া
আইৰে বুলনি মৰমৰ চেকনিত
পিঠিৰে মাজত অাজিও সাজ থকা
ল’ৰালি থাক মোৰ গাতে লাগি
ধেমালি কৰ মোৰ সতে আহি
ল’ৰালি থাক মোৰ গাতে লাগি
ধেমালি কৰ মোৰ সতে আহি
টাংগুটি খেলা অলং দলং কেটেপা মৰা
কোন বাটেদি ওলাব চাবি আকৌ সোপাধৰা ।


নদীতে ডুব মৰা ম’হৰ পিঠিত বগুৱা
নৰা পেঁপাৰ সুৰ উঠে ৰাগি ধৰা
নৰা পেঁপাৰ সুৰ উঠে ৰাগি ধৰা
খিৰিকি ফালি ফণী খনি হাতে ধৰি লৰ মৰা
অংক বুলিলে মনত চাৰ ঘনা মৰা
টাংগুটি খেলা অলং দলং কেটেপা মৰা
কোন বাটেদি ওলাব চাবি আকৌ সোপাধৰা ।


নাম ঘৰৰে আখৰা সুৰৰ চাপৰি সৰা
আয়তীৰে নামবোৰো বুকুতে নধৰা
আয়তীৰে নামবোৰো বুকুতে নধৰা
জেওৰা ভাঙি মাঘৰ বিহুত মিলি চুৰ কৰা
পিছদিনাখন দেউতাৰ মুখতে ধৰা পৰা
টাংগুটি খেলা অলং দলং কেটেপা মৰা
কোন বাটেদি ওলাব চাবি আকৌ সোপাধৰা ।।

Download Link: Monote Pore Lyrics By Angaraag Mahanta

Lachit

I am a Software Developer & Digital Marketer since 2006. I build shopping and blogging websites, and also provide digital marketing services for YouTubers, Facebook creators, and online brands.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form