Ji Mororm Xasisilu Lyrics Jitul Sonowal

Song: Ji Mororm Xasisilu (যি মৰম সাঁচিছিলোঁ)

Singer: Jitul Sonowal

Ji Mororm Xasisilu Lyrics
Ji Mororm Xasisilu Lyrics

Ji Mororm Xasisilu Lyrics:—

যি মৰম সাঁচিছিলোঁ মনতে
তুমি আহি লৈ গ’লা
অজানিতে মনে মনে
যি সপোন ৰঁচিছিলোঁ গোপনে
তুমি আহি সানি দিলা
তাতে ৰং দিঠকৰে
অজানিতে মনে মনে
অজানিতে মনে মনে ।

লাজ সনা তোমাৰ মিঠা চাৱনিয়ে
তৰা জোন আঁকি দিলে, উকা মন আকাশতে
বা লাগি নাচি উঠে চুলিতাঁৰি
লুকাই থলো ছবিখনি হৃদয়ৰ দাপোণতে
নিয়ৰ সনা গোলাপ পাহি তোমাৰ যেন পৰশ লাহি
তুলি ললোঁ আলফুলে
চেনেহ বুলি উমানতে
অজানিতে মনে মনে ।

যি মৰম সাঁচিছিলোঁ মনতে
তুমি আহি লৈ গ’লা
অজানিতে মনে মনে
যি সপোন ৰঁচিছিলোঁ গোপনে
তুমি আহি সানি দিলা
তাতে ৰং দিঠকৰে
অজানিতে মনে মনে
অজানিতে মনে মনে ।

দেখা দিলা যেতিয়া প্ৰথমদিনা,
ফুলে পাতে সকলোতে দেখা পাওঁ তোমাকে
অবুজ মনে একোতেই নেমানে যে
গীতৰে সুৰেৰে কথা কয় তোমাৰে
জোন গলা সন্ধিয়াতে নিয়ৰ পৰা সৰা পাতে
তোমাৰ মোৰে কথা পাতে
নিজানত আঁৰে আঁৰে
অজানিতে মনে মনে …

Download Link: Ji Mororm Xasisilu Lyrics Jitul Sonowal

Lachit

I am a Software Developer & Digital Marketer since 2006. I build shopping and blogging websites, and also provide digital marketing services for YouTubers, Facebook creators, and online brands.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form