Jodi Ketiyaba Lyrics By Jitul Sonowal

Song: Jodi Ketiyaba (যদি কেতিয়াবা)

Singer: Jitul Sonowal

Jodi Ketiyaba Lyrics
Jodi Ketiyaba Lyrics

Jodi Ketiyaba Lyrics:–

যদি কেতিয়াবা অকলে
জ্বলে বুকু মোৰ নিৰলে
কিয় আহা মোৰ মন লে
তুমি জানো জানা?
যদি কেতিয়াবা অকলে
জ্বলে বুকু মোৰ নিৰলে
কিয় আহা মোৰ মন লে
তুমি জানো জানা?
আবেগৰ চকুলো বোৰ, কলিজাত শুকালে মোৰ
কিয় জানো জানা ?
যদি কেতিয়াবা অকলে
জ্বলে বুকু মোৰ নিৰলে
কিয় আহা মোৰ মন লে
তুমি জানো জানা?
যেতিয়া দূৰ দূৰণিৰ ঘৰমুৱা পখী উৰে,
দূৰণিৰ মৰমী তোমালে মোৰ, কিয় যে মনত পৰে ।
সন্ধিয়া জোন তৰাৰে আকাশ ভৰি পৰে
দূৰণিৰ মৰমী তোমালে মোৰ, কিয় যে মনত পৰে ।
হিয়া মোৰ উকা হৈ পৰে
জোনাকত মন নভৰে ।
যদি কেতিয়াবা অকলে
জ্বলে বুকু মোৰ নিৰলে
কিয় আহা মোৰ মন লে
তুমি জানো জানা?
সেমেকা দুটি চকুৰে, অবুজ ভাষাটিৰে
বিদায় বেলাৰে মুখনিলৈ, কিয় যে মনত পৰে ।
নিশাটি আহে নীৰৱে, তমসা ভৰি পৰে
বিদায় বেলাৰে মুখনিলৈ, কিয় যে মনত পৰে ।
হিয়া মোৰ উকা হৈ পৰে
জোনাকত মন নভৰে ।
যদি কেতিয়াবা অকলে
জ্বলে বুকু মোৰ নিৰলে
কিয় আহা মোৰ মন লে
তুমি জানো জানা?
আবেগৰ চকুলো বোৰ, কলিজাত শুকালে মোৰ
কিয় জানো জানা?
যদি কেতিয়াবা অকলে
জ্বলে বুকু মোৰ নিৰলে
কিয় আহা মোৰ মন লে
তুমি জানো জানা ? তুমি জানো জানা ?

Download Link: Jodi Ketiyaba Lyrics By Jitul Sonowal

Lachit

I am a Software Developer & Digital Marketer since 2006. I build shopping and blogging websites, and also provide digital marketing services for YouTubers, Facebook creators, and online brands.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form