Aagoli Kolapaat Lore Lyrics By Anima Choudhury

Song: Aagoli Kolapaat Lore (আগলি কলাপাত লৰে)

Singer: Anima Choudhury

Lyrics: Nirmal Prabha Bordolai

Music: Mukul Baruah

Aagoli Kolapaat Lore Lyrics
Aagoli Kolapaat Lore Lyrics

Aagoli Kolapaat Lore Lyrics:—

আগলি কলাপাত লৰে কি চৰে
টোপ টোপ চকুলো সৰে…
সৰে,
আগলি কলাপাত লৰে কি চৰে
টোপ টোপ চকুলো সৰে…
সৰে,
আগলি কলাপাত লৰে…
ইমান যে দূৰণি…
নুশুনে বিননি…
ইমান যে দূৰণি…
নুশুনে বিননি…
ক’তে বা চাকৰি কৰে…
ক’তে বা চাকৰি কৰে…
টোপ টোপ চকুলো সৰে….
সৰে,
আগলি কলাপাত লৰে কি চৰে…
টোপ টোপ চকুলো সৰে….
সৰে,
আগলি কলাপাত লৰে…
চৰাই কোমলীয়া উৰিব নেজানে
ঘূৰি গৈ ডালতে পৰে
মন উৰণীয়া বুজনি নেমানে
ঘনেকৈ মনতে পৰে
চৰাই কোমলীয়া উৰিব নেজানে
ঘূৰি গৈ ডালতে পৰে
মন উৰণীয়া বুজনি নেমানে
ঘনেকৈ মনতে পৰে
মন…
জোনতকৈ বেগেৰে উৰে
আগলি কলাপাত লৰে কি চৰে…
টোপ টোপ চকুলো সৰে….
সৰে,
আগলি কলাপাত লৰে…
কপৌ কুৰুলিয়াই বনত
কপৌ কুৰুলিয়াই বনত…
বুকুৰে ভিতৰত কিহে কুৰুলিয়াই
ৰাইজাই লাগিছে দেহত
শীতলকৈ শেতেলী জুই যেন লাগিছে
তুঁহ জুই পোৰাদি পোৰে…
জোনৰে জোনাকত ইমান যে পোৰণি
কান্দো ৰাতি  উজাগৰে
তোমালৈ মনতে পৰে
আগলি কলাপাত লৰে কি চৰে…
টোপ টোপ চকুলো সৰে…
সৰে,
আগলি কলাপাত লৰে…৷

Download Link: Aagoli Kolapaat Lore Lyrics By Anima Choudhury

Lachit

I am a Software Developer & Digital Marketer since 2006. I build shopping and blogging websites, and also provide digital marketing services for YouTubers, Facebook creators, and online brands.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form