Bohudin Bokulor Gundho Lyrics By Birendra Nath Dutta

Song: Bohudin Bokulor Gundho (বহুদিন বকুলৰ গোন্ধ)

Singer: Birendra Nath Dutta

Musician: Birendra Nath Dutta

Lyrics: Tafajjul Ali

Bohudin Bokulor Gundho Lyrics
Bohudin Bokulor Gundho Lyrics

Bohudin Bokulor Gundho Lyrics:–

বহুদিন বকুলৰ গোন্ধ পোৱা নাই
বহুদিন বকুলৰ মালা গঁথা নাই
বকুল তলত বহি
বহুদিন বালিঘৰ
সজা হোৱা নাই
বহুদিন বকুলৰ গোন্ধ পোৱা নাই
বহুদিন বকুলৰ মালা গঁথা নাই

বকুলৰ কথা ক’লে
বহুতো চিনাকি মুখ
চকুৰ আগেদি ভাহি যায়…
বকুলৰ কথা ক’লে
বহুতো চিনাকি মুখ
চকুৰ আগেদি ভাহি যায়…

বহুতো পাহৰা গান
বহু মান অভিমান
বকুলে দিয়ে সোঁৱৰাই
আজি ছাঁ ছবি যেন
চকুত উজলি মোৰ
আজি ছাঁ ছবি যেন
চকুত উজলি মোৰ
থিতাতে লুকায় …
বহুদিন বকুলৰ মালা গঁথা নাই…

এমুঠি বকুল ফুল
আঙুলি ফাঁকেৰে মোৰ
সৰি সৰি গ’ল
বকুলে আতুল কৰা
দিনৰ সুৰভি মোৰ
মাথোঁ সোঁৱৰণী হৈয়ে ৰ’ল …
কেতিয়াবা নিজানত
নিজৰি নিজৰি সেয়ে
কেতিয়াবা নিজানত
নিজৰি নিজৰি সেয়ে
মন কোমলায়…
বহুদিন বকুলৰ মালা গঁথা নাই
বকুল তলত বহি
বহুদিন বালিঘৰ
সজা হোৱা নাই
বহুদিন বকুলৰ গোন্ধ পোৱা নাই
বহুদিন বকুলৰ মালা গঁথা নাই ।

Download Link: Bohudin Bokulor Gundho Lyrics By Birendra Nath Dutta

Lachit

I am a Software Developer & Digital Marketer since 2006. I build shopping and blogging websites, and also provide digital marketing services for YouTubers, Facebook creators, and online brands.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form