Dure Dure Kune Lyrics By Jyotirmoy Kakati

Song∶ Dure Dure Kune (দূৰে দূৰে কোনে)

Lyrics∶ Tafajjul Ali

Singer∶ Jyotirmoy Kakati

Dure Dure Kune Lyrics
Dure Dure Kune Lyrics

Dure Dure Kune Lyrics:–

দূৰে দূৰে কোনে…
[দূৰে দূৰে কোনে
মুৰুলী বজালে
সুৰে সুৰে ধৰণী
কাঁচলি  কঁপালে] ×২
দূৰে দূৰে কোনে

[শ্যামলী কোন মেঘকন্যা
ওলাল লীলা গতিৰে
উভতি উভতি চালে
সলাজ কাজল চকুৰে] ×২
[শ্যামল শ্যামল ৰূপেৰে তাইৰ
নীলিমা বুলালে] ×২
দূৰে দূৰে কোনে…

[মায়াবী মুৰুলী  বাজে
জীৱনৰে তালে তালে] ×২
দুচকু আৱৰি মোৰ
ৰূপৰে মাধুৰী সানে
কোমল কোমল কবিতাৰে
হিয়া উপচালে
দূৰে দূৰে কোনে…

দূৰে দূৰে কোনে
মুৰুলী বজালে
সুৰে সুৰে ধৰণী
কাঁচলি  কঁপালে
দূৰে দূৰে কোনে…৷

Download Link: Dure Dure Kune Lyrics By Jyotirmoy Kakati

Lachit

I am Software Developer & Digital Marketer science 2006, I do shopping and blogging websites, and also do digital marketing for YouTubers and facebookers.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form