Collegiya Dinor Kotha Lyrics By Tarun Tanmoy

Song: Collegiya Dinor Kotha 

Album: Ronga Nila Pokhila 2013

Singer: Tarun Tanmoy

Music: Manas Robin

Lyrics: Manas Robin

Collegiya Dinor Kotha Lyrics
Collegiya Dinor Kotha Lyrics

Collegiya Dinor Kotha Lyrics:–

“সোঁৱৰণিৰ কুঁৱলীয়ে
ভেটিব পাৰে জানো বাট?
নুশুনিলোঁৱেই যেনিবা তোমাৰ মাত
পোৱা নোপোৱাৰ হিচাপেইটো আৰু জীৱন নহয়
নোপোৱাটো সুখ থাকে জানা
যদিহে জীৱন জীৱন হয়…”
কলেজীয়া দিনৰ কথা
তোমাৰ স’তে প্ৰথম দেখা
ভয়ে ভয়ে মলৈ চোৱা
দেখি মৰম লাগি যোৱা
জাকৰ মাজত পাছফালৰ পৰা
দেখি চিনিব পৰা হোৱা
মুখামুখি হ’লেই বুকুত
গীটাৰ এখন বাজি উঠা
অ’ অ’ অ’…
পৰিলোঁ পৰিলোঁ পৰিলোঁ কিজানি
তোমাৰ প্ৰেমত পৰিলোঁ
পৰিলোঁ পৰিলোঁ পৰিলোঁঁ কিজানি
তোমাৰ প্ৰেমত পৰিলোঁ
কলেজলৈ সদায় আহোঁ
এনে ল’ৰা জানো আছিলোঁ কোনোকালে
সেয়ে অবাক লগৰবোৰো
ইমান বেলেগ কেনেকৈ হ’লোঁ দুদিনতে ৷
মৰমে টানি আনে
তোমাৰে কাষলে’ মোক
কাক বুজাও কেনেকৈ
প্ৰেমৰ যে নিচা বহুত
মৰমে টানি আনে
তোমাৰে কাষলে’ মোক
কাক বুজাও কেনেকৈ
প্ৰেমৰ যে নিচা বহুত
পৰিলোঁ পৰিলোঁ পৰিলোঁ বেয়াকৈ
তোমাৰ প্ৰেমত জানানে
পৰিলোঁ পৰিলোঁ পৰিলোঁ বেয়াকৈ
তোমাৰ প্ৰেমত জানানে
ভাল এটা ৰিজাল্ট লাগে
মনৰ কথা তোমাক ক’বলৈ
ভাবি ল’লোঁ
পঢ়া শুনাত সপি দিলোঁ
পৰীক্ষালৈ নাই বেছি দিনো বুজি পালোঁ
হিমালয়ৰে চুৰা সপোনে জয় কৰিলে
ৰিজাল্ট চিতৰ প্ৰথমতে
নামটো মোৰ জিলিকিলে
হিমালয়ৰে চুৰা সপোনে জয় কৰিলে
ৰিজাল্ট চিতৰ প্ৰথমতে
নামটো মোৰ জিলিকিলে
তুমি ক’ত তুমি ক’ত
বিচাৰি ভাগৰোঁ
মনৰ কথা ক’বলৈ
কলিজা আজুৰি চিঙি মহাৰিলে
তোমাৰ বিয়াৰ চিঠিখনে…

কলেজীয়া দিনৰ কথা
আজিও ভাবি ভালে লগা
তুমি নহ’লে এই জীৱন
বঠা হেৰুৱা ডিঙা
লগ পালে কেতিয়াবা
তোমাক ক’বলৈ মন জানা
তোমাৰ বাবেই মোৰ এই জীৱন
অযুত সুৰৰ ৰহঘৰা

পৰিলোঁ পৰিলোঁ পৰিলোঁ সঁচাকৈ
পৰিলোঁ মই প্ৰেমতে
পৰিলোঁ পৰিলোঁ পৰিলোঁ প্ৰেমতে
আজি জানা জীৱনৰে ৷

Download Link: Collegiya Dinor Kotha Lyrics By Tarun Tanmoy

Lachit

I am Software Developer & Digital Marketer science 2006, I do shopping and blogging websites, and also do digital marketing for YouTubers and facebookers.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form