Duyu Mukhamukhi Lyrics By Bhupen Hazarika & Lata Mangeshkar

Song: Duyu Mukhamukhi (দুয়ো মুখামুখি)

Singer: Bhupen Hazarika & Lata Mangeshkar

Lyrics: Bhupen Hazarika 

Album: Chayanika

Duyu Mukhamukhi Lyrics
Duyu Mukhamukhi Lyrics

Duyu Mukhamukhi Lyrics:–

“বাহিৰ বিশ্ব যেতিয়া নিমাত, 

তেতিয়া দুজনে মুখামুখি হৈ কেইটিমান মৰমী মুহূৰ্ত্তক,  

প্রেমক পৱিত্র জ্যোতিপ্রপাতলৈ পৰিণত কৰে , বোধ হয় এনেকৈ …”


দুয়ো মুখামুখি অতি সুখে সুখী …
দুয়ো মুখামুখি অতি সুখে সুখী
বাহিৰ বিশ্ব নিমাত
বাহিৰ বিশ্ব নিমাত
এই মুহূৰ্ত্ত অতি পৱিত্র
প্রেমৰ জ্যোতিপ্রপাত!
দুয়ো মুখামুখি অতি সুখে সুখী
বাহিৰ বিশ্ব নিমাত
বাহিৰ বিশ্ব নিমাত

তুমি আহাঁ ওচৰলে’ আহাঁ
তুমি আহাঁ ওচৰলে’ আহাঁ
মৰণ পিচলে’ ঠেলি
প্রকৃতি পুৰুষ একাকাৰ হৈ
প্রকৃতি পুৰুষ একাকাৰ হৈ
আনা নতুনৰ বেলি
আমাক নেলাগে সংঘাত!
এই মুহূৰ্ত্ত অতি পৱিত্র
প্রেমৰ জ্যোতিপ্রপাত!
দুয়ো মুখামুখি অতি সুখে সুখী
বাহিৰ বিশ্ব নিমাত!
বাহিৰ বিশ্ব নিমাত!

তোমাৰ এন্ধাৰ কেশৰ দৈৰ্ঘ্যই
দিগন্ত ধৰিছে ঢাকি
দিগন্ত ধৰিছে ঢাকি
তাৰ ফাঁকে ফাঁকে মোৰ নয়নে
অমৃত দিছে বাকি !
তোমাৰ এন্ধাৰ কেশৰ দৈৰ্ঘ্যই
দিগন্ত ধৰিছে ঢাকি…
দিগন্ত ধৰিছে ঢাকি
তাৰ ফাঁকে ফাঁকে মোৰ নয়নে
অমৃত দিছে বাকি!

তুমি আহাঁ ওচৰলে আহাঁ..
তুমি আহাঁ ওচৰলে আহাঁ
ভাঙি প্ৰাচীৰ বাধাৰ
কৰি মন্থন অমৃত সাগৰ
কৰি মন্থন অমৃত সাগৰ
অনন্ত সুৰ আধাৰ
আমাক নেলাগে সংঘাত!
এই মুহূৰ্ত্ত অতি পৱিত্র
প্রেমৰ জ্যোতিপ্রপাত!
দুয়ো মুখামুখি অতি সুখে সুখী
বাহিৰ বিশ্ব নিমাত
বাহিৰ বিশ্ব নিমাত
এই মুহূৰ্ত্ত অতি পৱিত্র
প্রেমৰ জ্যোতিপ্রপাত!
দুয়ো মুখামুখি অতি সুখে সুখী

বাহিৰ বিশ্ব নিমাত
বাহিৰ বিশ্ব নিমাত
বাহিৰ বিশ্ব নিমাত ৷

Download Link: Duyu Mukhamukhi Lyrics By Bhupen Hazarika & Lata Mangeshkar

Lachit

I am a Software Developer & Digital Marketer since 2006. I build shopping and blogging websites, and also provide digital marketing services for YouTubers, Facebook creators, and online brands.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form