Hosakoi Kuwa Kothati Lyrics By Jayanta Hazarika & Nirmal Mishra

Song: Hosakoi Kuwa Kothati (সঁচাকে কোৱা কথাটি কোৱা)

Singer: Jayanta Hazarika & Niramal Mishra

Hosakoi Kuwa Kothati Lyrics
Hosakoi Kuwa Kothati Lyrics

Hosakoi Kuwa Kothati Lyrics:–

(নাৰী) :
সঁচাকে কোৱা কথাটি কোৱা
ভাল জানো মোক পোৱা
(পুৰুষ) :
(এ)নকওঁ নকওঁ ওঁহু নকওঁ
মোৰ চকুলৈ চোৱা
(নাৰী) :
মোলৈ বাৰু তোমাৰ কিমান
মৰম আছে কোৱা?
(পুৰুষ) :
(এ)নকওঁ নকওঁ ওঁহু নকওঁ
নিজক সুধি চোৱা
(নাৰী) :
সৌ লুইততে আছে যত ঢৌ
সিমান চাগে সিমান…
(পুৰুষ) :
আকাশতে যিমান তৰালি
হ’বনে সিমান…
(নাৰী) :
সৌ লুইততে আছে যত ঢৌ
সিমান চাগে সিমান…
(পুৰুষ) :
আকাশতে যিমান তৰালি
হ’বনে সিমান…
(নাৰী) :
নকওঁ নকওঁ ওঁহু নকওঁ
নিজক সুধি চোৱা
সঁচাকে কোৱা কথাটি কোৱা
ভাল জানো মোক পোৱা?
(পুৰুষ) :
(এ)নকওঁ নকওঁ ওঁহু নকওঁ
মোৰ চকুলৈ চোৱা
(পুৰুষ) :
ভালপোৱা শুনা অপৰূপ এক নৈ
(নাৰী) :
আশাৰ ঢৌৰে চিৰকাল থাকে বৈ
(পুৰুষ) :
ভালপোৱা শুনা অপৰূপ এক নৈ
(নাৰী) :
আশাৰ ঢৌৰে চিৰকাল থাকে বৈ
(দুয়ো) :
আমাৰ হৃদয় একেখনি নৈ
সাগৰলৈ বৈয়ে যোৱা…
(পুৰুষ) :
আমাৰ হৃদয় একেখনি নৈ
সাগৰলৈ বৈয়ে যোৱা…
আমাৰ হৃদয় একেখনি নৈ
সাগৰলৈ বৈয়ে যোৱা…

Download Link: Hosakoi Kuwa Kothati Lyrics By Jayanta Hazarika & Nirmal Mishra

Lachit

I am Software Developer & Digital Marketer science 2006, I do shopping and blogging websites, and also do digital marketing for YouTubers and facebookers.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form