Kuxumbor Putra Lyrics | Bhupen Hazarika

Song: Kuxumbor Putra (কুসুম্বৰ পুত্ৰ)

Singer: Bhupen Hazarika

Kuxumbor Putra Lyrics
Kuxumbor Putra Lyrics

Kuxumbor Putra Lyrics:—

কুসুম্বৰ পুত্ৰ শ্ৰীশঙ্কৰ গুৰুৱে
ধৰিছিল নামৰে তান,
নামৰে সুৰতে আনন্দত নাচিছিল
পৱিত্ৰ বৰদোৱা থান,
মোৰ গুৰু ঐ, পৱিত্ৰ বৰদোৱা থান।


অশেষ যাতনা ভুঞ্জিলা, শ্ৰীশঙ্কৰ

ধৰমৰ নামতে তুমি
সকলো দুখলৈ পিঠি দিলা গুৰু
ধন্য অসম ভূমি,
মোৰ গুৰু ঐ, ধন্য অসম ভূমি।


নামঘৰ সাজিলা, ৰাইজখন থাপিলা

একতাৰ আসনত আনি,
ভাওনা সোণতে বৰগীত সুৱগা
প্ৰচাৰিলা দেৱবাণী,
মোৰ গুৰু ঐ, প্ৰচাৰিলা দেৱবাণী।


এটুপি দুটুপি চকুলো সৰে মোৰ

দুখনি চৰণক পাই
অসমৰ আকাশত দুখৰ ৰোল উঠিছে
আজি শ্ৰীশঙ্কৰ নাই
মোৰ গুৰু ঐ, আজি শ্ৰীশঙ্কৰ নাই।।

Download Link: Kuxumbor Putra Lyrics | Bhupen Hazarika

Lachit

I am Software Developer & Digital Marketer science 2006, I do shopping and blogging websites, and also do digital marketing for YouTubers and facebookers.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form