Pakkhiraaj Ghora Lyrics | Bhupen Hazarika

Song: Pakkhiraaj Ghora (পক্ষীৰাজ ঘোঁৰা)

Singer: Bhupen Hazarika

Pakkhiraaj Ghora Lyrics
Pakkhiraaj Ghora Lyrics

Pakkhiraaj Ghora Lyrics:—

পক্ষীৰাজ ঘোঁৰা
খট খট খট খটকে দৌৰা
মোৰ কপাল ফুটা
পাখী দুখনো কটা

উৰি ফুৰিবৰ না‍ই ম‍ন
কাৰণ ধৰাতে জনগন
পক্ষীৰাজ ঘোৰা
খট খটকৈ দৌৰা

অনিৰুদ্ধ নহওঁ
ৰোমিঅʼ লক্ষীন্দৰ
নহও মজনু কিম্বা জুলিয়াছ চীজৰ
কুম্ভকৰ্ণৰে দৰে নিদ্ৰা যোৱা
ৰাইজক জগাই তোলো
দানৱৰ সমাজত মানুহ বিচাৰি
বজাৰত থিতাপি লʼলো
ম‍ই মানুহকে ভাল পোৱা
ৰূপৰে কুমাৰ

পক্ষীৰাজ ঘোৰা
খট খট খট খটকৈ দৌৰা
অগতিৰ গতি ম‍ই
দুস্কৃতি নাশো ম‍ই

স্বৰ্গ এৰা এক ৰূপ কুমাৰী
আহিছো মৰতলৈ
প্ৰেম বিচাৰি
স্বৰ্গত ইন্দ্ৰই ঠগিলে কিমান
বৰুণেও মিছাতে কান্দিলে ইমান
স্বৰ্গ এৰা এক ৰূপ কুমাৰী
আহিছো বজাৰলৈ
প্ৰেম বিচাৰি।

ম‍ই এন্ধাৰৰ ৰজা
ইয়েছ ইয়েছ
এন্ধাৰ লাগে মজা
যা যা ৰজা
খাবি গজা পাবি মজা
ম‍ই জ্যোতিক কৰি দিওঁ নষ্ট
ভাল মন ভাল কাম দেখি পাওঁ কষ্ট
সুন্দৰ কোঁৱৰ আৰু ৰূপৰ কুঁৱৰীৰ
মিলন নহয় মোৰ পছন্দ
দুয়োটাকে কাটি কুটি
কৰিম দিম লণ্ড ভণ্ড
খবৰ খবৰ খবৰ্দাৰ

আঃ ক’লা ক’লা বজাৰতো
এন্ধাৰ দিওঁ অনবৰত
এন্ধাৰ যোগান ধৰি যাওঁ
তাৰবাবে কিছু কমিচন পাওঁ
আহ দে যুদ্ধ
খবৰ খবৰদাৰ
হুচিয়াৰ

জ্যোতিৰে লগতে
এন্ধাৰে যুঁজিলে
এন্ধাৰে যায় যে ভাগৰি
মানুহ নমনা
এন্ধাৰ নৃপতি
যায় চুচৰি বাগৰি
ৰূপৰ কুমাৰ হʼলো শিৱ জটাধাৰী

পক্ষীৰাজ ঘোৰা
খট খট খটকৈ দৌৰা
পক্ষীৰাজ ঘোৰা
খট খট খটকৈ দৌৰা

সমাজকে এন্ধাৰে
ঢাকেহি যেতিয়া
তেতিয়া কি হয়
তেতিয়া কি হয়
যুগে যুগে বিজুলীয়ে হাঁহিব যেতিয়া
তেতিয়া ভাল হয়
তেতিয়া ভাল হয়

স্বৰ্গ এৰা দুটি মিঠা মন
দুটি মনে একে মনে
সেৱে জনগন

দেবলোকত মেনকা ৰম্ভাই ঠগে
উৰ্বশীয়েও ধৰা দিম বুলি কৈ ভাগে

ম‍ই পিছে নঠগো সুন্দৰ কুমাৰ
যুগে যুগে লগৰী হʼমেই তোমাৰ

হেই অনিৰুদ্ধ নহওঁ
ৰোমিঅʼ লক্ষীন্দৰ
নহওঁ মজনু কিম্বা জুলিয়াছ চীজাৰ

Download Link: Pakkhiraaj Ghora Lyrics | Bhupen Hazarika

Lachit

I am a Software Developer & Digital Marketer since 2006. I build shopping and blogging websites, and also provide digital marketing services for YouTubers, Facebook creators, and online brands.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form