Natun Natun Sah Lyrics | Bhupen Hazarika

Song: Natun Natun Sah (নতুন নতুন সাহ)

Singer: Bhupen Hazarika

Natun Natun Sah Lyrics
Natun Natun Sah Lyrics

নতুন নতুন সাহ, আহিল নতুন সাহ
আমাৰ বহল বুকুতে।
বগলীৰে বগা পাখি জিলিকে আকাশতে,
জা-জাবৰ চিকুণাওঁ আমাৰ আপোন হাতে।।

মৰা সুঁতিৰ ধল আনো শুকান শুকান মাটিতে
সমাজৰে পিটনিতে মাটি ঢালোঁ ৰঙতে।
পঢ়া-শুনাৰ চাকিটিক, জ্বলালোঁ উলাহতে
সেউজীয়া সপোন আঁকো, জিলমিল জেউতিতে।।

হেজাৰ যুগৰ এন্ধাৰকে, আঁতৰাম নিজ হাতে
একতাৰে আগবাঢ়োঁ, জেউতিৰে বাটে বাটে।
সূৰুযৰে ধেমালি, ৰাঙলী চোতালতে
পুৰণিৰে গাত নাচে নতুনে উলাহতে।।

Download Link: Natun Natun Sah Lyrics | Bhupen Hazarika

Lachit

I am a Software Developer & Digital Marketer since 2006. I build shopping and blogging websites, and also provide digital marketing services for YouTubers, Facebook creators, and online brands.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form