Nimati Koina O Lyrics By Bishnu Prasad Rabha

Song: Nimati Koina O (নিমাতী কইনা অ)

Singer: Bishnu Prasad Rabha

Nimati Koina O Lyrics
Nimati Koina O Lyrics

Nimati Koina O Lyrics:—

নিমাতী কইনা অ’ নিমাতী কইনা
চকুত তোমাৰ হাঁহি
ওঁঠত মাথোন বাণী বিহীনা
তুমি বাণী বিহীনা ।
ফাগুন সমীৰে কেশ উৰুৱালে
চকুত জিলিক চৰে
মন তোমাৰ উৰে ক’ৰবালে ।
নিমুটেঙাৰ ফুলৰ বাচে
পৰাণ ওপচালে
চকু তোমাৰ সুদূৰ ধিয়াই নাচে
সুদূৰ ধিয়াই নাচে ।
শাওণত যেবে মেঘে গুৰু গুৰু কৰে
আবেগে হিয়া উঠলে
নীৰৱ ভাষা চকুৰে নিজৰি পৰে
চকুৰে নিজৰি পৰে ।
তোমাৰ চকুৰ নীৰৱ ভাষা
বেথাৰে উৱলি পৰা
তাতেই গঁথা মোৰ শত আশা
মোৰ শত আশা ।।

Download Link: Nimati Koina O Lyrics By Bishnu Prasad Rabha

Lachit

I am Software Developer & Digital Marketer science 2006, I do shopping and blogging websites, and also do digital marketing for YouTubers and facebookers.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form