Shilongare Godhuli Lyrics By Bhupen Hazarika

Song: Shilongare Godhuli (শ্বিলঙৰে গধূলি)

Singer: Bhupen Hazarika

Shilongare Godhuli Lyrics
Shilongare Godhuli Lyrics

Shilongare Godhuli Lyrics:–

শ্বিলঙৰে গধূলি
সপোন চহৰৰ মৰমী শৰতৰ
সোঁৱৰণি সোণালী ।
শ্বিলঙৰে গধূলি.

ৰঙীন বজাৰৰ পাৰ হৈ হৈ
শুদাকৈ ভৰিৰে দূবৰি গছকি গৈ
সৰু সৰু জিৰজিৰিয়া
নিজৰাৰ পাৰতে
হাঁহি হাঁহি তুমিয়ে ময়ে সিদিনা
পৰিবযে খুজিছিলোঁ পিছলি!
শ্বিলঙৰে গধূলি…

লাহে লাহে এন্ধাৰ হ’ল
দূৰণিৰ খাচী গাঁওখন
তুমি আৰু ময়ে মিলি
দুয়োতেই হ’লোঁ মগন ।

দুটি মন-নিজৰা জলধি হৈ
ওখকৈ সৰলৰ বননি দিলে বুৰাই
যেন উৰি, উৰি উৰি উৰি ফুৰা জোনাকী পৰুৱাই
হাঁহি হাঁহি জোকালে
আমি হেনো উটি ফুৰা
দুটি মিঠা শৰতৰ শেৱালি
শ্বিলঙৰে গধূলি…।।

Download Link: Shilongare Godhuli Lyrics By Bhupen Hazarika

Lachit

I am a Software Developer & Digital Marketer since 2006. I build shopping and blogging websites, and also provide digital marketing services for YouTubers, Facebook creators, and online brands.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form