Etukura Aloxua Megh Lyrics | এটুকুৰা আলসুৱা মেঘ | Bhupen Hazarika

Song: Etukura Aloxua Megh (এটুকুৰা আলসুৱা মেঘ)


Singer: Bhupen Hazarika


Etukura Aloxua Megh Lyrics
Etukura Aloxua Megh Lyrics

Etukura Aloxua Megh Lyrics:—-


এটুকুৰা আলসুৱা মেঘ ভাহি যায়….’
এটুকুৰা আলসুৱা মেঘ ভাহি যায়
মোৰ বন-হংসই বাট হেৰুৱাই

মই আছোঁ শাৰদীয় খিড়িকীমুখত

বুকুৱে বিচৰাজনলৈ বাট চাই


বিজুলী চাকিৰ সৌ তাঁৰবোৰতে
নিয়ৰে ওলমি কিবা কথা পাতে
বিশেষ বিন্ধু অঁকা এখনি মুখে
এমুঠি অনুৰাগ দিছে ছতিয়ায়


মই এক যক্ষ মহানগৰীৰ
মিছলীয়া মৰমত কাৰাৰুদ্ধ
সোঁৱৰণি শ্রাৱণতে আৱদ্ধ
নিয়ন চাকিয়ে আজি চকু টিপিয়ায়
শৰৎ সন্ধ্যা মহানগৰী সজায়
মাদকতা সানি আজি লিখিছোঁ চিঠি

চঞ্চল মেঘে যেন তাকে কঢ়িয়ায়

Download Link: Etukura Aloxua Megh Lyrics | এটুকুৰা আলসুৱা মেঘ | Bhupen Hazarika

Lachit

I am a Software Developer & Digital Marketer since 2006. I build shopping and blogging websites, and also provide digital marketing services for YouTubers, Facebook creators, and online brands.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form