Foot Godhulite Lyrics | ফুট গধূলিতে | Bhupen Hazarika

Song: Foot Godhulite (ফুট গধূলিতে)

Singer: Bhupen Hazarika

Foot Godhulite Lyrics
Foot Godhulite Lyrics

Foot Godhulite Lyrics:—

ফুট গধূলিতে কপিলি খুতিত

কোন গোৰ্খালি গাভৰুৰে

গাইজনী হেৰায়,
সেই গাইজনীনো কেনে
তুলনাযে নাই
হেনো সেই চাপৰিত
তাইৰমান গাখীৰতী নাই
কাঞ্চীয়ে ৰিঙিয়ায়
অ’ বগী গাই
অ’ লক্ষ্মী গাই
হে তুমি দেখোন নাহিলে
ব্যৱসায়ো নাই,
সেই মিঠা মাতৰ চিঞঁৰে
কপিলি কপায়,
মিঠা মাতৰ চিঞঁৰে
কপিলি কপায়,
ফুট গধূলিতে কপিলি খুতিত
কোন গোৰ্খালি গাভৰুৰে
গাইজনী হেৰায়;

ৰূপতীৰ্থযাত্ৰী এজন মাথোন আছে

তাইৰ ৰূপতীৰ্থযাত্ৰী এজন মাথোন আছে,

গাওঁ তাৰ ক্ষেত্ৰী
সি নলবাহাদুৰ চেত্ৰী,
গাওঁ তাৰ ক্ষেত্ৰী
সি নলবাহাদুৰ চেত্ৰী,
গাই বিচৰাৰ চলে
মনৰ মৰম যাচে,
গাই বিচৰাৰ চলে
মনৰ মৰম যাচে,
সেই মৰম দেখি কাঞ্চীজনী
ৰঙা পৰি যায়,
মৰম দেখি কাঞ্চীজনী
ৰঙা পৰি যায়,
ফুট গধূলিতে কপিলি খুতিত
কোন গোৰ্খালি গাভৰুৰে
গাইজনী হেৰায়;

নলখাগৰিৰ মাজতে সি

গাই বিছাৰি পালে,

নলখাগৰিৰ মাজতে সি
গাই বিছাৰি পালে,
গাই বিছাৰি পাই তাইক
গাইজনী দিলে,
সেই গাইজনীয়েও আনন্দতে
গো-ধূলি উৰায়,
গাইজনীয়েও আনন্দতে
গো-ধূলি উৰায়,
ফুট গধূলিতে কপিলি খুতিত
কোন গোৰ্খালি গাভৰুৰে
গাইজনী হেৰায়;
অ’ অ’ অ’….

Download Link: Foot Godhulite Lyrics | ফুট গধূলিতে | Bhupen Hazarika

Lachit

I am Software Developer & Digital Marketer science 2006, I do shopping and blogging websites, and also do digital marketing for YouTubers and facebookers.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form