Jilikabo Luitore Paar | জিলিকাব লুইতৰে পাৰ | Lyrics | Bhupen Hazarika

Song: Jilikabo Luitore Paar (জিলিকাব লুইতৰে পাৰ)

Singer: Bhupen Hazarika

Jilikabo Luitore Paar Lyrics
Jilikabo Luitore Paar Lyrics

Jilikabo Luitore Paar (জিলিকাব লুইতৰে পাৰ) Lyrics:—-

জিলিকাব লুইতৰে পাৰ

জিলিকাব লুইতৰে পাৰ,
এন্ধাৰৰ ভেঁটা ভাঙি
প্ৰাগজ্যোতিষত বয়
জেউতী নিজৰাৰে ধাৰ,
শত শত বন্তিৰে
জ্ঞানৰে দিপালীয়ে,
জিলিকাব লুইতৰে পাৰ
জিলিকাব লুইতৰে পাৰ….

সাঁচিপাতে ভাষা দিব

চিফুঙে আশা দিব
ৰংঘৰে মেলিব দুৱাৰ,
সাঁচিপাতে ভাষা দিব
চিফুঙে আশা দিব
ৰংঘৰে মেলিব দুৱাৰ,
সমাজে সাবটিব মহান মানৱতা
সমাজে সাবটিব মহান মানৱতা,
বিজ্ঞানে আনিব জোৱাৰ,
জিলিকাব লুইতৰে পাৰ
জিলিকাব লুইতৰে পাৰ….

নতুনৰ গতি খেদা

ডেকা গাভৰু আমি
নিৰ্ভীক কুৰি শতিকাৰ,
নতুনৰ গতি খেদা
ডেকা গাভৰু আমি
নিৰ্ভীক কুৰি শতিকাৰ,
অজ্ঞান চাঁকনৈয়া
এফলীয়া কৰি থৈ
মাৰি যাওঁ জীৱনৰে ডাঁৰ,
অজ্ঞান চাঁকনৈয়া
এফলীয়া কৰি থৈ
মাৰি যাওঁ জীৱনৰে ডাঁৰ,
জিলিকাব লুইতৰে পাৰ….

এন্ধাৰৰ ভেঁটা ভাঙি

প্ৰাগজ্যোতিষত বয়
জেউতী নিজৰাৰে ধাৰ,
শত শত বন্তিৰে
জ্ঞানৰে দিপালীয়ে,
জিলিকাব লুইতৰে পাৰ….
জিলিকাব লুইতৰে পাৰ….
জিলিকাব লুইতৰে পাৰ….
জিলিকাব লুইতৰে পাৰ….

Download Link: Jilikabo Luitore Paar | জিলিকাব লুইতৰে পাৰ | Lyrics | Bhupen Hazarika

Lachit

I am a Software Developer & Digital Marketer since 2006. I build shopping and blogging websites, and also provide digital marketing services for YouTubers, Facebook creators, and online brands.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form