Song: Jilikabo Luitore Paar (জিলিকাব লুইতৰে পাৰ)
Singer: Bhupen Hazarika
![]() |
| Jilikabo Luitore Paar Lyrics |
Jilikabo Luitore Paar (জিলিকাব লুইতৰে পাৰ) Lyrics:—-
জিলিকাব লুইতৰে পাৰ
জিলিকাব লুইতৰে পাৰ,
এন্ধাৰৰ ভেঁটা ভাঙি
প্ৰাগজ্যোতিষত বয়
জেউতী নিজৰাৰে ধাৰ,
শত শত বন্তিৰে
জ্ঞানৰে দিপালীয়ে,
জিলিকাব লুইতৰে পাৰ
জিলিকাব লুইতৰে পাৰ….
সাঁচিপাতে ভাষা দিব
চিফুঙে আশা দিব
ৰংঘৰে মেলিব দুৱাৰ,
সাঁচিপাতে ভাষা দিব
চিফুঙে আশা দিব
ৰংঘৰে মেলিব দুৱাৰ,
সমাজে সাবটিব মহান মানৱতা
সমাজে সাবটিব মহান মানৱতা,
বিজ্ঞানে আনিব জোৱাৰ,
জিলিকাব লুইতৰে পাৰ
জিলিকাব লুইতৰে পাৰ….
নতুনৰ গতি খেদা
ডেকা গাভৰু আমি
নিৰ্ভীক কুৰি শতিকাৰ,
নতুনৰ গতি খেদা
ডেকা গাভৰু আমি
নিৰ্ভীক কুৰি শতিকাৰ,
অজ্ঞান চাঁকনৈয়া
এফলীয়া কৰি থৈ
মাৰি যাওঁ জীৱনৰে ডাঁৰ,
অজ্ঞান চাঁকনৈয়া
এফলীয়া কৰি থৈ
মাৰি যাওঁ জীৱনৰে ডাঁৰ,
জিলিকাব লুইতৰে পাৰ….
এন্ধাৰৰ ভেঁটা ভাঙি
প্ৰাগজ্যোতিষত বয়
জেউতী নিজৰাৰে ধাৰ,
শত শত বন্তিৰে
জ্ঞানৰে দিপালীয়ে,
জিলিকাব লুইতৰে পাৰ….
জিলিকাব লুইতৰে পাৰ….
জিলিকাব লুইতৰে পাৰ….
জিলিকাব লুইতৰে পাৰ….
Download Link: Jilikabo Luitore Paar | জিলিকাব লুইতৰে পাৰ | Lyrics | Bhupen Hazarika


