Song: Gaan Eti Guana (অ’ গান এটি গোৱানা)
Singer: Zubeen Garg and Papori Gogoi
![]() |
| Kar Janu Poroxot Lyrics |
Kar Janu Poroxot Lyrics
অ’ গান এটি গোৱানা অ’ মাঁ
হাত বুলাই দিয়ানা অ’ মাঁ
অ’ গান এটি গোৱানা অ’ মাঁ
হাত বুলাই দিয়ানা অ’ মাঁ
সপোন হেৰালে কেনিবা
বিচাৰি আনি দিয়া না
মই শুব পৰা নাই অ’ মাঁ
বুকুখন বিষাইছে অ’ মাঁ
অ’ গান এটি গোৱানা অ’ মাঁ
হাত বুলাই দিয়ানা অ’ মাঁ
কোনেনো দিব মচি মোৰ চকুপানী
কোনেনো ক’বহি তেজীমলাৰ কাহিনী
মোৰ ভোক লগা নাই অ’ মাঁ
তুমি আহি খুৱাই দিয়া না
তোমাক নোপোৱাৰ যাতনা
এবাৰ কাষলৈ অহা না
মই শুব পৰা নাই অ’ মাঁ
বুকুখন বিষাইছে অ’ মাঁ
অ’ গান এটি গোৱানা অ’ মাঁ
হাত বুলাই দিয়ানা অ’ মাঁ
কেনিনো হেৰাই গ’ল চেনেহৰ মুখনি
কতেনো লুকাই গ’ল সোনবৰণীয়া হাঁহিটি
মই বিচাৰি আছোঁ অ’ মাঁ
তোমাক জ্বলোৱা জুইকুৰা
মই দৌৰি ফুৰিছোঁ জানা
দিবলে তোমাৰ বতৰা
মই শুব পৰা নাই অ’ মাঁ
বুকুখন বিষাইছে অ’ মাঁ
অ’ গান এটি গোৱানা অ’ মাঁ
হাত বুলাই দিয়ানা অ’ মাঁ
Download Link: Gaan Eti Guana Lyrics | Zubeen Garg and Papori Gogoi
