Gouri Puriya Gabhoru Dekhilu Lyrics | গৌৰীপুৰীয়া গাভৰু দেখিলো | Bhupen Hazarika

Song: Gouri Puriya Gabhoru Dekhilu

Singer: Bhupen Hazarika

Gouri Puriya Gabhoru Dekhilu Lyrics
Gouri Puriya Gabhoru Dekhilu Lyrics

Gouri Puriya Gabhoru Dekhilu Lyrics:—-

গৌৰীপুৰীয়া গাভৰু দেখিলো

হাতী ধৰিবলৈ গৈ,
হাতীও ধৰিলো তাইকো মুহিলো
সাঁতুৰি গদাধৰ নৈ হে….
গৌৰীপুৰীয়া গাভৰু দেখিলো
হাতী ধৰিবলৈ গৈ,
মহলৰ কাষতে নৈৰে পাৰতে
আছিলে অকলে ৰৈ হে….
গৌৰীপুৰীয়া গাভৰু দেখিলো
হাতী ধৰিবলৈ গৈ….

গোৱালপাৰাৰ হাতী মহল

মাউত নানা স্থানত,
তাৰেই মাজত মাথোন মই
শিৱসাগৰৰ গাঁৱৰ,
সেয়ে গভীৰ হাবিত গাইছিলো
বিহু ব’হাগত….
কি গাইছিলো
পৰ্বতে পৰ্বতে বগাব পাঁৰো মই
পৰ্বতে পৰ্বতে বগাব পাঁৰো মই
লতানো বগাবলৈ
লতানো বগাবলৈ টান,
বলীয়া হাতীকো বলাব পাৰোঁ মই
বলীয়া হাতীকো বলাব পাৰোঁ মই
তোমাকনো বলাবলৈ
তোমাকনো বলাবলৈ টান,
গাভৰু বলালো মই
লতাও বগালো,
বিহু গায়েই অচিন সুন্দৰীৰ
চিত হৰি নিলো,
কষ্ট কৰিলে ৰত্ন মিলিব
কথাটি শিকিলো;

গৌৰীপুৰীয়া গাভৰু দেখিলো

হাতী ধৰিবলৈ গৈ,
হাতীও ধৰিলো তাইকো মুহিলো
সাঁতুৰি গদাধৰ নৈ হে….
গৌৰীপুৰীয়া গাভৰু দেখিলো
হাতী ধৰিবলৈ গৈ….

তেজক পানী কৰি কৰি

হস্তীনী ধৰিলো,
ধৰাৰ পিছত মহলদাৰৰ
মাননী লভিলো,
সেয়ে কইনাকে দেখুৱামগৈ
দিখৌ নৈৰে পাৰ….
হে গৌৰীপুৰীয়া গাভৰু দেখিলো
হাতী ধৰিবলৈ গৈ,
হাতীও ধৰিলো তাইকো মুহিলো
সাঁতুৰি গদাধৰ নৈ হে….
গৌৰীপুৰীয়া গাভৰু দেখিলো
হাতী ধৰিবলৈ গৈ,
মহলৰ কাষতে নৈৰে পাৰতে
আছিলে অকলে ৰৈ হে….
গৌৰীপুৰীয়া গাভৰু দেখিলো
হাতী ধৰিবলৈ গৈ….

Download Link: Gouri Puriya Gabhoru Dekhilu Lyrics | গৌৰীপুৰীয়া গাভৰু দেখিলো | Bhupen Hazarika

Lachit

I am Software Developer & Digital Marketer science 2006, I do shopping and blogging websites, and also do digital marketing for YouTubers and facebookers.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form